ডিজিটেল সংবাদ, বেকাজানঃ ছাত্র-ছাত্ৰী আৰু জনতাৰ প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰিছে মণিপুৰ। কুকি উগ্ৰপন্থীৰ আক্ৰমণত ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি বিগত দুটা দিনত অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত জনতাৰ সুৰক্ষা বিচাৰি ৫খন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ লয়। আৰক্ষীৰে হোৱা সংঘৰ্ষত অতি কমেও ৫০জনতকৈ অধিক লোক আহত হয়।
৫খন উপত্যকা জিলাৰ বিভিন্ন স্থানত ছাত্ৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু মক বোমা নিক্ষেপ কৰে। উল্লেখযোগ্য যে, মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ অস্থিৰ পৰিবেশৰ অন্ত পেলাবলৈ শিক্ষাৰ্থীসকলে সান্ধ্য আইন নেওচি ইম্ফলৰ বিটি ৰোডত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু মেইৰা পাইবিছৰ সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদকাৰী আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
উল্লেখযোগ্য যে, সান্ধ্য আইন জাৰি কৰা পাছতো মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ মূল গেটৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰে। ইপিনে ক’ক’মি ষ্টুডেণ্টছ ফ্ৰণ্টৰ উদ্যোগত মণিপুৰ বিশ্ববিদ্যালয় চৌহদৰ পৰা ইম্ফল-মৰেহ ঘাইপথৰ কাষৰ পৰা চিংজামেই অভিমুখে আগবাঢ়িছিল এই প্ৰতিবাদী সমাৱেশ।
বিক্ষোভকাৰীসকলে মেটেইৰ বিৰুদ্ধে ভাৰতীয় প্ৰক্সি যুদ্ধ বন্ধ কৰক, মেটেইক ধ্বংস কৰিবলৈ ভাৰতৰ নীতি বন্ধ কৰক, কেন্দ্ৰীয় নিৰাপত্তা বাহিনীলৈ উভতি যাওক, আমি আমাৰ ভূমি প্ৰশাসন কৰিম, বিভাজন আৰু শাসন নীতি বন্ধ কৰক আদি সাহসী শ্লোগানেৰে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
চলি থকা সংঘাতৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মৌনতা আৰু মেইটেই সম্প্ৰদায়ৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে গৰিহণা দিয়ে। প্ৰতিবাদী সমদল কাকৱা অঞ্চলত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে হস্তক্ষেপ কৰি বাধা প্ৰদান কৰাত উত্তেজনা বৃদ্ধি পায়।
পৰিস্থিতি তীব্ৰতৰ হৈ পৰাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গুলীৰ নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে আৰক্ষীয়ে কন্দুৱা গেছ আৰু ষ্টন বোমা নিক্ষেপ কৰি উত্তেজিত জনসমাগমক ছত্ৰভংগ দিবলৈ চেষ্টা কৰে।
ইপিনে ইম্ফল ইষ্ট, ইম্ফল পশ্চিম আৰু থৌবালৰ জিলা প্ৰশাসনে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰে সান্ধ্য আইন জাৰি কৰে। মঙলবাৰে পুৱা ১১ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত সান্ধ্য আইন কাৰ্যকৰী হৈ থাকিব বুলি ঘোষণা কৰে।