মণিপুৰত ২৭৪ কেজি নিচাযুক্ত দ্ৰব্যসহ বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ গাঞ্জা আৰু অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিম ইম্ফল জিলাৰ পাটছৈ থানাৰ সন্মুখত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ২৭৪ কেজি গাঞ্জা জব্দ কৰিছে

author-image
Asomiya Pratidin
New Update
মণিপুৰত ২৭৪ কেজি নিচাযুক্ত দ্ৰব্যসহ বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ গাঞ্জা আৰু অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিম ইম্ফল জিলাৰ পাটছৈ থানাৰ সন্মুখত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ২৭৪ কেজি গাঞ্জা জব্দ কৰিছে।‌ 

Advertisment

এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে গোপন চেম্বাৰৰ পৰা ২৬টা গাঞ্জাৰ পেকেট জব্দ কৰে। পেকেট কেইটাৰ পৰা মুঠ ২৭৪.৮ কেজি গাঞ্জা জব্দ কৰা হয়। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। 

ধৃত লোক দুজন কায়েনবাম কেনেডি সিং আৰু কেইছাম শৰৎ সিং। সৰবৰাহকাৰী দুজনৰ পৰা এটা মোবাইল ফোন আৰু নগদ ৩৮৩০ টকাও জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা গাঞ্জাখিনিৰ‌ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

ইফালে, পূৱ ইম্ফল জিলাৰ হেইংগাঙ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, গ্ৰেণেড আৰু যথেষ্ট সংখ্যক সজীৱ গুলি জব্দ কৰিছে। অভিযানকালত ১টা পইন্ট থ্ৰি ৰাইফল, ১টা স্নিপাৰ ৰাইফল,মেগজিনসহ ১টা নাইন এম এম, এছ এম জি কাৰ্বাইন, ১টা পইন্ট থ্ৰি টু পিষ্টল, ২টা ইনচাছ ৰাইফলৰ মেগজিন, ৩টা হেণ্ড গ্ৰেণেড, ৪ ডাল ডিটনেটৰসহ বিভিন্ন মাৰণাস্ত্ৰৰ যথেষ্ট সংখ্যক সজীৱ গুলি জব্দ কৰিছে আৰক্ষীয়ে।

টেংনৌপাল জিলাৰ চাইভম গাঁৱত চলোৱা আন এক অভিযানত আৰক্ষীয়ে ৮টা আই ই ডি, ৮টা স্থানীয়ভাৱে নিৰ্মিত হেণ্ড গ্ৰেণেড, ৩০ ডাল ডিটনেটৰ, ইনচাছ ৰাইফলৰ ৪০ টা আৰু ৭.৬২ এম এম এ কে ৰাইফলৰ ৬০ টা সজীৱ গুলি জব্দ কৰা হৈছে। এই সময়ছোৱাত ৩টা বাংকাৰো ধ্বংস কৰে আৰক্ষীয়ে।

মণিপুৰ