মণিপুৰৰ বিষ্ণুপুৰ আৰু কাংপকপি জিলাত অভিযানঃ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ...

মণিপুৰৰ বিষ্ণুপুৰ আৰু কাংপকপি জিলাত অভিযানঃ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ...

ডিজিটেল সংবাদ, শিলচৰঃ হিংসা জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। অশান্ত জৰ্জৰ এলেকা সমুহত প্ৰতিদিনে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে । বিগত ৪৮ ঘন্টাৰ ভিতৰত বিষ্ণুপুৰ আৰু কাংপকপি জিলাত অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।

দেওবাৰে বিষ্ণুপুৰ জিলাৰ আইমোল গাঁও আৰু ইৰেংবাম মানিঙ ত অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। অভিযান কালত দুটা মেগজিন থকা ১টা কাৰ্বাইন, মেগজিন সহ ১টা 9 mm Pistol, ৪টা শক্তিশালী সজীৱ মৰ্টাৰ,৫০ ৰাউণ্ড সজীৱ গুলী, ৭৫০ গ্ৰাম ওজনৰ IEDৰ ৫ টা PEK ষ্টিক, ৬টা SLR টিউব লঞ্চাৰ,৭৫ টা ডিটনেটৰ সহ বুজন পৰিমাণৰ বিষ্ফোৰক আৰু আপত্তি জনক সামগ্ৰী জব্দ কৰা হয়।

আনহাতে, কাংপকপি জিলাৰ নখুজাং গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মেগজিনৰ সৈতে ১টা কাৰ্বাইন মেচিনগান,মেগজিন সহ ২টা 9 mm পিষ্টল, ২টা হেণ্ড গ্ৰেনেড, ৫০০গ্ৰাম ওজনৰ‌ ১টা ‍IED আৰু ১৬ টা সজীৱ গুলী উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in