মণিপুৰত ৫৫ .৫২ কোটিৰ নিচাযুক্ত সামগ্ৰী সহ নগদ ধন জব্দ

চূৰাচান্দপুৰ জিলাত অভিযান চলাই ৭.৭৫৫ কেজি নিষিদ্ধ হেৰ'ইন আৰু ৬.৭৩৬ কেজি আফিং জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য প্ৰায় ৫৪.২৯ কোটি আৰু আফিং খিনিৰ মুল্য প্ৰায় ৮৭.৫৭ লাখ টকা ।

author-image
Asomiya Pratidin
New Update
BNN

ডিজিটেল সংবাদ, শিলচৰ: নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অন্যতম নিৰাপদ কৰিড'ৰত পৰিণত হোৱা চুবুৰীয়া ৰাজ্য মণিপুৰত প্ৰায় ৫৫কোটি ৫২লাখ টকাৰ হেৰ'ইন,আফিং আৰু নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।

Advertisment

বিগত দুই দিনত পৃথক স্থানত যুটীয়া অভিযান চলাই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইন্টেলিজেঞ্চ সংক্ষেপে ডি আৰ আই, শুল্ক বিভাগ, অসম ৰাইফলচ আৰু মণিপুৰ আৰক্ষীয়ে কোটি-কোটি টকাৰ হেৰ'ইন আফিং আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

 এই সন্দৰ্ভত ৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনো জব্দ কৰা হৈছে। ডি আৰ আই ৰ এক শীৰ্ষ সুত্ৰই সদৰী কৰা মতে, ম্যানমাৰ সীমান্তৰ চূৰাচান্দপুৰ জিলাত অভিযান চলাই  ৭.৭৫৫ কেজি নিষিদ্ধ হেৰ'ইন আৰু ৬.৭৩৬ কেজি আফিং জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ   আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য প্ৰায় ৫৪.২৯ কোটি আৰু আফিং খিনিৰ মূল্য প্ৰায় ৮৭.৫৭ লাখ টকা ।

এই অভিযানত  ৩৫.৬৩ লাখ নগদ ধন, দুটা বাওফেং ৱাকি-টকি আৰু এখন মাৰুতি ইকো ভ্যান জব্দ কৰা হয়। নিষিদ্ধ চোৰাং সামগ্ৰী সৰবৰাহৰ সৈতে জৰিত থকা মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

মণিপুৰ