শান্তিৰ দিশে আগবাঢ়িছে মণিপুৰঃ আৰ এছ এছ প্রচাৰ প্ৰমুখ সুনীল আম্বেকাৰ

মণিপুৰৰ সংবেদনশীল পৰিস্থিতি সন্দৰ্ভত উদ্বেগ অব্যাহত থকাৰ মাজতেই, RSS ৰ আখিল ভাৰতীয় প্রচাৰ প্ৰমুখ সুনীল আম্বেকাৰে শান্তি আৰু স্বাভাৱিক অৱস্থা উভতি আহিব বুলি আশা কৰিছে। 

author-image
Asomiya Pratidin
New Update
শান্তিৰ দিশে আগবাঢ়ি মণিপুৰঃ আৰ এছ এছ প্রচাৰ প্ৰমুখ সুনীল আম্বেকাৰ

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য তথা বিদেশ ৰাষ্ট্ৰ ম্যানমাৰ সীমান্তৰ কাষৰীয়া মণিপুৰৰ সংবেদনশীল পৰিস্থিতি সন্দৰ্ভত উদ্বেগ অব্যাহত থকাৰ মাজতেই, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ আখিল ভাৰতীয় প্রচাৰ প্ৰমুখ সুনীল আম্বেকাৰে ৰাজ্যখন শান্তি আৰু স্বাভাৱিক অৱস্থা উভতি অহাৰ সন্দৰ্ভত আশাবাদ প্ৰকাশ কৰিছে। 

Advertisment

দিল্লীৰ ঝাণ্ডেৱালানৰ কেশৱ কুঞ্জত ৪-৬ জুলাই অনুষ্ঠিত আখিল ভাৰতীয় প্ৰান্ত প্রচাৰক বৈঠকৰ অন্তত সংবাদমেলত অংশগ্ৰহণ কৰি তেওঁ কয়, “যেতিয়া পৰিস্থিতি বেয়া হৈ পৰে, তেতিয়া একে ৰাতিতে সেয়া ভাল নহয়। কিন্তু যোৱা বছৰত যি অৱস্থা আছিল তাৰ তুলনাত মণিপুৰত বৰ্তমান স্বাভাৱিক অৱস্থা লাহে লাহে ঘূৰি আহিছে। এয়াই শান্তিৰ আৰম্ভণি। দুয়োপক্ষৰ সৈতে বাৰ্তালাপ হৈছে আৰু এক গঠনমূলক পথ ওলাব বুলি আশা কৰিব পাৰি।”

তেওঁ উল্লেখ কৰে যে, সমাজ আৰু ধৰ্মীয় সংগঠনৰ একত্ৰিত প্ৰচেষ্টাৰে মণিপুৰত শৃংখলা পুনৰুদ্ধাৰৰ চেষ্টা চলিছে। বিশেষকৈ মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত পুনৰ বিশ্বাসৰ পৰিবেশ গঢ়ি তুলিবলৈ বহুমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বৈঠকখনত সংঘৰ ৪৬টা প্ৰান্তৰ পৰা অহা ২৩০ তকৈ অধিক প্রচাৰক আৰু কৰ্মী উপস্থিত থাকে। সংঘৰ শীৰ্ষ নেতা  সৰসংঘচালক ড০ মোহন ভাগৱত আৰু সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসবালে প্ৰচাৰকসকলক দিশ-নিৰ্দেশ দিয়ে। লগতে, ড০ কৃষ্ণগোপাল, চি আৰ মুকুন্দ, অৰুণ কুমাৰ, শ্ৰী ৰামদত্ত, অতুল লিমায়ে আৰু অলোক কুমাৰৰ দৰে সকলো সহ-সৰকাৰ্যবাহ আৰু ৩২টা সংঘ-অনুপ্ৰাণিত সংগঠনৰ সংগঠন মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে।

সংবাদমেলত সুনীল আম্বেকাৰে কয় যে, সংঘৰ ১০০ বছৰ পূর্তি উপলক্ষে দেশজুৰি গ্ৰামাঞ্চলৰ মণ্ডল আৰু চহৰাঞ্চলৰ বসতিত “হিন্দু সম্মিলন” অনুষ্ঠিত হ'ব। বৰ্তমান দেশত ৫৮,৯৬৪ মণ্ডল আৰু ৪৪,০৫৫ বস্তি আছে। এই সভাসমূহত সমাজিক উৎসৱ, একতা আৰু "পঞ্চ পৰিৱৰ্তন" সন্দৰ্ভত আলোচনা হ'ব।

ইয়াৰ উপৰিও ১১,৩৬০টা ব্লক/চহৰত “সামাজিক সদ্ভাৱ বৈঠক” হ'ব, য’ত সামাজিক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। সংঘৰ গঠনৰ অনুসৰি, ৯২৪টা জিলাত “প্ৰমুখ নাগৰিক ছেমিনাৰ” অনুষ্ঠিত হ'ব, য’ত “ভাৰতৰ চিন্তা-ধাৰা”, “ভাৰতৰ গৌৰৱ” আৰু “স্বাভাৱিক ভাৰত” আদি বিষয় আলোচিত হ'ব।

সংঘৰ ঘৰুৱা প্ৰচাৰ কর্মসূচী (গৃহ সম্পর্ক) ৰ জৰিয়তে প্ৰতিখন গাঁৱত, প্ৰতিটো বস্তিত মানুহৰ ঘৰলৈ গৈ শান্তি, একতা আৰু উন্নয়নৰ বাৰ্তা প্ৰেৰণ কৰা হ’ব বুলি তেওঁ কয়। সংঘৰ “পঞ্চ পৰিৱৰ্তন”— ব্যক্তি কল্যাণ, সামাজিক সম্প্ৰীতি, পৰিৱেশ চেতনা, পৰম্পৰাৰ সন্মান আৰু আত্মনির্ভৰতা — এই মূল উপাদানসমূহ দেশৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি সমাজলৈ লৈ যোৱা হ’ব বুলি আম্বেকাৰে উল্লেখ কৰে।

তেওঁ লগতে কয় যে মণিপুৰ সন্দৰ্ভত সংঘৰ স্বয়ংসেৱকে স্থানীয় লোকৰ সৈতে সম্পৰ্ক ৰাখি সমাজিক সম্প্ৰীতি বজাই ৰখাৰ কাম কৰিছে। সীমান্তৱৰ্তী অঞ্চলৰ পৰা অহা কৰ্মীসকলে নিজ অভিজ্ঞতা বৈঠকত বৰ্ণনা কৰে।

ইতিমধ্যে এপ্রিলৰ পৰা জুনলৈকে দেশজুৰি ১০০টা প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়, য’ত ১৭,৬০৯ জন ৪০ বছৰৰ তলৰ স্বয়ংসেৱকে অংশগ্ৰহণ কৰে। লগতে, ৪০-৬০ বছৰ বয়সৰ ৪,২৭০ গৰাকী শিখাৰ্থীয়ে ২৫টা শিৱিৰত অংশগ্ৰহণ কৰে। মুঠ ৮,৮১২ স্থানৰ স্বয়ংসেৱকে সংঘ শিক্ষা শিৱিৰত অংশ লৈছিল।

ধৰ্মান্তৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আম্বেকাৰে কয় যে, লোভ, বলপূৰ্বক, অসহায় অৱস্থাৰ সুযোগ লৈ বা ষড়যন্ত্ৰ কৰি কৰা ধৰ্মান্তৰ সংঘৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়। তেওঁ লগতে কয় যে সকলো ভাৰতীয় ভাষাকে ৰাষ্ট্ৰীয় ভাষা হিচাপে সংঘই স্বীকাৰ কৰে আৰু প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষাই হ’ব লাগে। 

নক্সালবাদৰ পতনৰ ক্ষেত্ৰত জনতাৰ প্ৰতিবাদ আৰু চৰকাৰৰ কার্যকৰী ব্যৱস্থাই সহায় কৰিছে বুলি তেওঁ মন্তব্য কৰে। সংবাদমেলত দিল্লী প্ৰান্ত সংঘচালক ডঃ অনিল আগৰৱাল, আখিল ভাৰতীয় সহ প্রচাৰ প্ৰমুখ নৰেন্দ্ৰ ঠাকুৰ আৰু প্ৰতীপ জোশী উপস্থিত আছিল।

 

মণিপুৰ আৰ এছ এছ