/asomiyapratidin/media/media_files/2025/05/04/S5pMgGImLI4doFVfpXqy.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ অশান্ত জৰ্জৰ মনিপুৰ সম্প্ৰতি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিনত হৈছে। বহি: ৰাষ্ট্ৰৰ পৰা মনিপুৰৰ মাজেৰে সৰবৰাহ কৰাৰ সময়ত চূৰাচান্দপুৰত বুজণ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।
এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহন খনৰ গোপন চেম্বাৰৰ পৰা ৪১৮ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৫.০১৬ কেজি হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইন খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মুল্য ৪৮.৭ কোটি টকা বুলি সদৰী কৰিছে মনিপুৰ আৰক্ষীয়ে।
নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে থায়ানমুয়ানছিয়াম ছামটে নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। চূৰাচান্দপুৰ জিলাৰ গামপিমুৱেল গাৱৰ এই লোক জনে ম্যানমাৰৰ পৰা হেৰ'ইন খিনি সৰবৰাহ কৰি মনিপুৰৰ মাজেৰে বহি: ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল।
সৰবৰাহকাৰী জনৰ পৰা এখন চাৰিচকীয়া বাহন আৰু এটা মোবাইল ফোনো জব্দ কৰা হৈছে। বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী জনক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে, আন দুটা পৃথক অভিযানত মনিপুৰ আৰক্ষীয়ে পূৱ ইম্ফল জিলাৰ পৰা দুজন KCP আৰু এজন UNLF উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ধৃত KCP সদস্য দুজন উমখাইবাম চাগিৰ খান ওৰফে ইবংগো চালাম আৰু সদানন্দ ওৰফে কম্বি মেইটেই ।
আনহাতে,কনছাম ৰমেশ মেইটেই বুলি আৰক্ষী সুব্ৰত প্ৰকাশ। উগ্ৰপন্থী কেইজন বিভিন্ন লোকৰ পৰা ধন দাবীৰ ঘটনাত জৰিত। উগ্ৰপন্থী কেইজনৰ পৰা এখন চাৰিচকীয়া বাহন আৰু দুটা মোবাইল ফোন জব্দ কৰা হৈছে।