/asomiyapratidin/media/media_files/2025/06/20/manipur-20-2025-06-20-13-22-19.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰলৈ শান্তিৰ বাট এতিয়াও বহুদূৰ। জীৱন আৰু জীৱিকাৰ কোনো নিশ্চয়তা নথকা ৰাজ্যখনত কোন সময়ত, কোনে কাৰ জীৱন কাঢ়ি নিয়ে তাৰো নিশ্চয়তা নাই।
এতিয়াও স্বাভাৱিক জীৱন ঘূৰি নহা মণিপুৰত কৃষি পথাৰত কাম কৰি থকা সাধাৰণ কৃষকেও ৰক্ষা পোৱা নাই দুৰ্বৃত্তৰ পৰা। বৃহস্পতিবাৰৰে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ ফুবালা আৱাং মানিং লেইকাই গাঁৱৰ কৃষক নিংথৌজাম বীৰেণ সিঙক কৃষি পথাৰত কাম কৰি থকাৰ অৱস্থাত এজন অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই থৈ যায়।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁক ততাতৈয়াকৈ বিষ্ণুপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হোৱাৰ বাবে ৰিমছ ইম্ফললৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ মতে, তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।
আনহাতে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ আশে-পাশে থকা গাঁওসমূহতো সংঘটিত হৈছে আন এক গুলীচলনাৰ ঘটনা। জানিব পৰা মতে নিৰাপত্তাৰক্ষীৰ তালাচী অভিযানৰ সময়তে অজ্ঞাত দুষ্কৃতিকাৰীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে। যাৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে।
দুয়ো পক্ষৰ মাজত চলা এই গুলীচালনাত এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলাগৰাকীক হয়খোলিং বুলি চিনাক্ত কৰা হৈছে। মৃত হায়খোলিং এখন গাঁৱৰ মুৰব্বীৰ পত্নী আছিল। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চুৰাচান্দপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে দোষীক বিচাৰি উলিওৱাৰ বাবে তালাচী অভিযান চলি আছে। তেওঁ কয়, মেইটেই প্ৰধান ইম্ফল উপত্যকা আৰু কুকি-জো জনজাতীয় অঞ্চলৰ মাজত অৱস্থিত বাফাৰ জ’নত কৃষিৰ সময়ছোৱাত নিৰাপত্তাৰ ব্যৱস্থা পুনৰীক্ষণ কৰি কটকটীয়া কৰা হ’ব।
কৃষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰি ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে ৰোধ কৰিব পৰা যায় তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে যোৱা ১৫ জুনত ইম্ফল ইষ্ট আৰু কাংপকপি জিলাৰ সীমান্তত কুকি আৰু মেইটেই জনগোষ্ঠীৰ কৃষকৰ মাজত সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।