/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/efd4599c-9108-4fe4-ab8e-8d0f09148f49/18.jpg)
ডিজিটেল সংবাদ: পুনৰ উত্তপ্ত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰ। দেওবাৰে পুৱা জিৰিবামৰ মুৰবুং আৰু সেজাং বস্তিত নিৰাপত্তা ৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
গুলীয়াগুলীত মণিপুৰৰ দুজন কামাণ্ডো গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজন চিআৰপিএফ জোৱান নিহত হয়। নিহত জোৱান জন বিহাৰৰ অজয় কুমাৰ ঝা(৪৩) বুলি জানিব পৰা গৈছে। দেওবাৰে পুৱাৰ ভাগত এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, জিৰিবামৰ মুৰবুং আৰু সেজাং বস্তিত হঠাৎ নিৰাপত্তাৰক্ষীৰ ওপৰত কুকি উগ্ৰপন্থীৰ এটা অস্ত্ৰধাৰী দলে অতৰ্কিতে গুলীবৰ্ষণ আৰম্ভ কৰে।প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলী চালনা কৰে। নিৰাপত্তাৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত প্ৰায় ২ ঘণ্টা ধৰি গুলীয়াগুলী চলে। এই ঘটনাত মণিপুৰৰ দুজন কামাণ্ডো আহত হোৱাৰ বিপৰীতে এজন চিআৰপিএফ ৰ জোৱান নিহত হয়।
ঘটনাক কেন্দ্ৰ কৰি পুনৰ জিৰিবামত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে আহত জোৱান কেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই ঘটনাৰ পিচত জিৰিবাম জিলাত উত্তেজনাই বিৰাজ কৰিছে।
ইফালে,জিৰিবামৰ এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন্দ্ৰ সিংহই। ঘটনাত জৰিত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।