ডিজিটেল সংবাদ,শিলচৰ: মণিপুৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। পশ্চিম ইম্ফল, পূৱ ইম্ফল আৰু কাকছিং জিলাত অভিযান চলাই আৰক্ষীয়ে কেচিপি সংগঠনৰ ১২জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে গোপন স্থানত থকা কে ৱাই কেল এল আৰু প্ৰিপাক সংগঠনৰ দুটা প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰে।
অভিযান কালত শিবিৰ আৰু বিভিন্ন স্থানৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰীও জব্দ কৰে মণিপুৰ আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে,কাকচিং জিলাৰ পৰা ৬ জন, পশ্চিম ইম্ফল জিলাৰ পৰা ৪ জন আৰু পূৱ ইম্ফল জিলাৰ পৰা দুজন সহ মুঠ ১২ জন কেচিপি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
অভিযান কালত ধৃত উগ্ৰপন্থী কেইজন ২টা এছ এল আৰ ৰাইফল, মেগজিন সহ ১টা ইনছাছ ৰাইফল, ৫.৫৬ ৰাইফলৰ ৫টা সজীৱ গুলি,১টা 9 mm পিস্তল, মেগজিন সহ ১টা পইন্ট থ্ৰি টু পিস্তল, ১০টা সজীব গুলী, এটা এয়াৰ-গান, ইনছাছ এল এম জিৰ ১টা মেগজিন, ৪৭টা খালী কাৰ্টিজ, ৫টা কাঠৰ ডেমি বন্দুক,২খন চাৰিচকীয়া বাহন,২ খন স্কুটী,নগদ ধন ২,২০০ টকা কেবাটাও মোবাইল,বহুতো ইউনিফৰ্ম সহ আৰু বহু আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰে।