অশান্ত জিৰিবামঃ উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে ১৫ অক্টোবৰত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আমন্ত্রণত দিল্লীত উপস্থিত হৈছিল মেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ ২০ জন বিধায়ক।সভাৰ ৪ দিনৰ পাছত আজি পুনৰ পুনৰ উত্তপ্ত মণিপুৰ...

author-image
Asomiya Pratidin
New Update
অশান্ত জিৰিবামঃ উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী

পুনৰ জ্বলিছে মণিপুৰঃ দুখন মেইটেই গাওঁ জ্বলাই দিলে কুকি দুৰ্বৃত্তই...

ডিজিটেল ডেস্কঃ মণিপুৰৰ জিৰিবাম জিলাত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। শনিবাৰে পুৱা ৫ বজাত বৰোবেকাৰা অঞ্চলৰ এখন গাঁৱত উগ্ৰপন্থীয়ে গুলীচালনা কৰে।আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি গাঁওখনত বোমাও নিক্ষেপ কৰিছে উগ্ৰপন্থীয়ে।

Advertisment

ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হোৱা লগে লগে উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী হয়। ঘটনাত এই পৰ্যন্ত কোনো লোক আহত হোৱাৰ তথ্য পোৱা নাই। ইতিমধ্যে বৃদ্ধ, মহিলা আৰু শিশুক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, জিৰিবাম টাউনৰ পৰা ৩০ কিলোমিটাৰ দূৰৈত বৰোবেকাৰা অঞ্চল। ঘন বনাঞ্চল আৰু পাহাৰেৰে আৱৰা অঞ্চলটোত ইয়াৰ পূৰ্বেও গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। ১৮ অক্টোবৰত উগ্ৰপন্থীয়ে জিৰিবামৰ কলিনগৰ হামাৰ ভেং অঞ্চলৰ এখন বিদ্যালয়ত অগ্নিসংযোগ কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন, মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে ১৫ অক্টোবৰত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আমন্ত্রণ মৰ্মে মেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ ২০ জন বিধায়ক দিল্লীত উপস্থিত হৈছিল ৷ আলোচনা বৈঠকৰ ৪ দিনৰ পাছত আজি পুনৰ জিৰিবামত হিংসাত্মক ঘটনা সংঘটিত হয়।

Also Read: আন্তৰ্জাতিক পৰ্যায়ত উজলিল আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুল

jiribum manipur conflict