/asomiyapratidin/media/media_files/2024/12/28/6bA69wiT4fXKLMJc4ILZ.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে ইম্ফল পূৱ জিলাৰ থামনাপোকপি আৰু ছানাছাবি অঞ্চলত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। উক্ত ঘটনাটোত ৪ জন লোক আহত হৈছিল।
মুখ্যমন্ত্ৰীয়ে নিজ এক্স হেণ্ডেলৰ পৰা টুইটযোগে কয় যে, "ইম্ফল ইষ্টৰ ছানাছাবি আৰু থামনাপকপিত কুকি উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীক আহত কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছো। নিৰীহ লোকৰ জীৱনৰ ওপৰত এই কাপুৰুষালি আৰু প্ৰৰোচিত আক্ৰমণ শান্তি আৰু সম্প্ৰীতিৰ ওপৰত আক্ৰমণ।
সিঙে পোষ্টটোত উল্লেখ কৰে যে, ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ পৰ্যাপ্ত নিৰাপত্তা কৰ্মী প্ৰেৰণ কৰা হৈছে । আহতসকলে প্ৰয়োজনীয় চিকিৎসা তথা সহায় লাভ কৰিছে আৰু এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰকাৰে শান্ত আৰু ঐক্যৰ আহ্বান জনাইছে। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোতে কেন্দ্ৰীয় বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ সঠিক সমন্বয় আৰু বুজাবুজি থাকিব লাগে।
ইফালে উক্ত ঘটনা সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে বাহনসমূহৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সংবেদনশীল স্থানত নিৰাপত্তা কনভয় প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰিছে ৰাজ্য প্ৰশাসনে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১০৮ টা নাকা/চেকপইণ্ট স্থাপন কৰা হৈছে।