মণিকাঞ্চন শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন : বিশিষ্ট অভিনেতা অৰুণ হাজৰিকালৈ সন্মান

গোলাঘাট জিলাৰ অগ্ৰণী অনুষ্ঠান মণিকাঞ্চন শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । উল্লেখযোগ্য যে গোলাঘাটৰ কচুগাঁৱৰ পুলিবৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱস ৷

author-image
Asomiya Pratidin
New Update
বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ অগ্ৰণী অনুষ্ঠান মণিকাঞ্চন শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । উল্লেখযোগ্য যে গোলাঘাটৰ কচুগাঁৱৰ পুলিবৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱস ৷

Advertisment

উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকালৈ ৰাজ্যিক ভিত্তিত মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি প্ৰদান কৰা হয় ৷ আনহাতে জিলা ভিত্তিত মণিকাঞ্চন শিল্পী বঁটা আগবঢ়াই লোকশিল্পী দুলুমণি বৰালৈ ৷

এই অনুষ্ঠানতে গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰৰ দহ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে উদ্যোক্তাই ।জিলাখনৰ সামাজিক,সাংস্কৃতিক,প্ৰকৃতি,কৃষি,লোকসংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰৰ একোজনকৈ ব্যক্তিক জ্ঞাপন কৰা হৈছে বিশেষ সম্বৰ্দ্ধনা ।

খুমটাইৰ সাংবাদিক বেদাঙ্গ তামুলীকো বিশেষভাৱে জনোৱা হয় সম্বৰ্দ্ধনা । মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি গ্ৰহণ কৰি অভিনেতা অৰুণ হাজৰিকাই আনন্দ প্ৰকাশ কৰাৰ লগতে আজিৰ পৰা দায়িত্ব বাঢ়িল বুলি উল্লেখ কৰে । 

award