আঘোণৰ পথাৰত পকা ধানে ৰিঙিয়াইছে

একেলগে ধান কটা,এয়া এক পুৰণি পৰম্পৰা। এই পৰম্পৰা অক্ষুন্ন ৰাখিলে মঙলদৈৰ কুমাৰপাৰা গাওঁ বাসীয়ে।

author-image
Asomiya Pratidin
New Update
new ap web 4 (9)

ডিজিটেল ডেস্কঃ এতিয়া আঘনৰ বতৰ, কুঁৱৰীৰ হিম শিতল পৰিৱেশ ।পথাৰবোৰ সোনোৱালী হৈছে। সেউজীয়াৰ আৱৰন গুচাই খেতিয়কৰ সপোনে সোনোৱালী বৰণ ধৰিছে। মঙলদৈৰ আঘোণৰ পথাৰতো সোনবৰনীয়া পকা ধানে দাওনীক হাত বাউলী মাটিছে।হাতে হাতে কাচি লৈ ওলাই আহিছে গাৱঁৰ ডেকা বুঢ়া চহা ৰাইজ।লগে ভাগে ধান কটাত ব্যস্ত হৈ পৰিল চহা গঞা ৰাইজ।

একেলগে ধান কটা,এয়া এক পুৰণি পৰম্পৰা। এই পৰম্পৰা অক্ষুন্ন ৰাখিলে মঙলদৈৰ কুমাৰপাৰা গাওঁ বাসীয়ে।একেলগ হৈ ধান কটা পৰ্ব সম্পন্ন কৰিলে গাঁওবাসীয়ে।মঙলদৈ সমষ্টিৰ অন্তৰ্গত সাঠেয়া কুমাৰপাৰা গাঁৱৰ প্ৰায় ৫০ গৰাকী লোকে ধান কাটি দেখুৱালে সেই পুৰণি পৰম্পৰা,একতাৰ নিদৰ্শন।ইফালে ধান কাটি পোৱা ধনৰ পৰা ৰাহি হোৱা ধনেৰে গাঁৱৰ মন্দিৰ, মছজিদ,ৰাস্তা-ঘাট আদিত উন্নয়নমূলক কামত ব্যৱহাৰ কৰে প্ৰতি বছৰে।

মঙলদৈ