/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7ce99643-414f-4c10-951e-02bc33e0a25b/AP FOR WEB 2.png)
ডিজিটেল সংবাদ, মঙলদৈঃ প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই প্ৰেমিকেও গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। প্ৰেমিকাক হত্যাৰ অভিযোগ পৰিয়ালে উত্থাপন কৰাৰ পাছত প্ৰেমিকে আত্মহনন কৰা এই ঘটনা সংঘটিত হৈছে মঙলদৈ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত।
উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে পুৱা ভাগত এই গাঁৱখনত উদ্ধাৰ হৈছিল কৃষ্ণামণি ডেকা নামৰ এগৰাকী ১৯বছৰীয়া যুৱতীৰ মৃতদেহ। বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হোৱা এই মৃতদেহৰ পাছতে হত্যাৰ অভিযোগ উঠিছিল প্ৰেমিক চিন্টু নাথলৈ। যুৱতীগৰাকীৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি, সোমবাৰে দিনা প্ৰেমিক চিন্টুৰ লগতে ঘৰৰ পৰা মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণা।
পৰিয়ালে বাধা দিয়া স্বত্ত্বেও প্ৰেমিক চিন্টুৰ লগতেই মন্দিৰলৈ যাম বুলি জনাইছিল যুৱতীগৰাকীয়ে। ঘৰৰপৰা ওলাই যোৱাৰ পিছতেই কৃষ্ণাৰ মোবাইল ফোন বন্ধ পাইছিল মাক দেউতাকে। মাক দেউতাকে কৃষ্ণাৰ ওচৰ চুবুৰীয়া, লগ বন্ধুক খবৰ কৰিছিল যদিও একো সম্ভেদ পোৱা নাছিল।
মঙলবাৰে ৰাতিপুৱাই বৰ আঠিয়াবাৰী গাঁওৰ স্থানীয় ৰাইজে পথৰ দাঁতিত এটি কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা টোপোলা দেখা পায়। স্থানীয় ৰাইজে সন্দেহ কৰি ততালিকে মঙলদৈ সদৰ আৰক্ষীক খবৰ কৰে। আৰক্ষী উপস্থিত হোৱাৰ পাছতেই টোপোলা খোলাৰ পিছত ওলাই পৰে এটি যুৱতীৰ মৃতদেহ। পিছত যুৱতীৰ মৃতদেহতো সোমবাৰৰ পৰা অন্তৰ্ধান হৈ থকা কৃষ্ণামনি ডেকাৰ বুলি চিনাক্ত হয়।
কৃষ্ণাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ উত্থাপন কৰি প্ৰেমিক চিন্টুকে দোষাৰোপ কৰে। কৃষ্ণাৰ মাতৃয়ে অভিযোগ উত্থাপন কৰে যে, চাৰি বছৰৰ প্ৰেম-ভালপোৱাৰ সময়ত চিন্টুৱে কৃষ্ণাক ভয়-ভাবুকি দি আহিছিল। আৰক্ষীয়ে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত চিন্টুক সাঙুৰি লোৱাৰ পূৰ্বেই আত্মহননৰ পথ বাচি লয়। এতিয়া সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে নতুনকৈ তদন্ত কৰিব বুলি সদৰি কৰিছে।
Also Read: বানৰ কবলত উৰিয়ামঘাটঃ বৰষুণত তিতিয়েই পথ অৱৰোধ স্থানীয় মহিলাৰ