/asomiyapratidin/media/media_files/2026/01/22/1-2026-01-22-14-30-02.jpg)
ডিজিটেল ডেস্কঃ মঙলদৈত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একে নিশাই ১৬টাতকৈ ও অধিক মন্দিৰৰ মূৰ্তি ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই। তথ্য অনুসৰি, চেৰেং মন্দিৰ, দৰং জিলাৰ মোৱামাৰী, গেৰিমাৰী আৰু গোঁসাইগাঁও অঞ্চলত যোৱা নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে মা কালীৰ ১৬টাতকৈও অধিক মূৰ্তি ভাঙি থৈ যোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-im-2026-01-22-14-27-30.jpeg)
উল্লেখ্য যে, আজি পুৱা নিয়মিতভাৱে পূজা কৰিবলৈ অহা পূজাৰীয়ে এই দৃশ্য দেখি হতভম্ব হৈ স্থানীয় ৰাইজক খবৰ দিয়ে। এই ঘটনাই গভীৰভাৱে আঘাত হানিছে অঞ্চলবাসীৰ মনত। মন্দিৰ চৌহদত ভঙা মূৰ্তি, লণ্ডভণ্ড পূজা সামগ্ৰী আৰু ধ্বংসৰ চিহ্ন দেখি আৱেগিক হৈ পৰে স্থানীয় লোকসকল। মা কালী, যাক সনাতন ধৰ্মাৱলম্বীসকলে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে পূজা কৰে, তেখেতৰ মূৰ্তিত এই ধৰণৰ আক্রমণক কেৱল ধৰ্মীয় অপমান হিচাপেই নহয়, সাম্প্ৰদায়িক সৌহাৰ্দ্য আৰু সামাজিক শান্তিৰ প্ৰতি এক গুৰুতৰ ভাবুকি বুলি অভিহিত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-imag1-2026-01-22-14-27-48.jpeg)
ঘটনাৰ পাছতেই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় যদিও, সচেতন নাগৰিক আৰু সমাজৰ আগশাৰীৰ লোকসকলে শান্তি আৰু সংযম বজাই ৰাখে। আনহাতে, স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দৰং জিলাৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে। আৰক্ষী অধীক্ষক গৰাকীয়ে খবৰ পোৱাৰ পিছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই। এই ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰিছে যে ধৰ্মীয় বিদ্বেষ আৰু ঘৃণাৰ কোনো স্থান এখন সভ্য সমাজত নাই। সকলো ধৰ্ম আৰু বিশ্বাসৰ প্ৰতি সন্মান জনোৱাই অসমৰ বহুদিনীয়া পৰম্পৰা। সেয়ে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে সমাজৰ সকলো স্তৰৰ লোকক ঐক্যবদ্ধভাৱে শান্তি, সহিষ্ণুতা আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us