/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/660b0748-d90a-47b9-976c-96e36db4ae02/1.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ "টাইটানিক" যাৰ কথা ক'লে মানুহ আজিও শিহৰিত হয়। ৯০ দশকতেই ইয়াক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এগৰাকী নাট্যকাৰে। যি পিছলৈ অভিলেখ হৈ পৰিছিল।
অসমৰ মানুহৰ মাজত ভ্ৰাম্যমাণৰ সেই অভিলেখ আজিও ভংগ হব পৰা নাই। তেওঁ হেমন্ত দত্ত। তেওঁক কেৱল নাট্যকাৰ বুলি ক'লে ভুল হ'ব। তেওঁ এগৰাকী অভিনেতা, পৰিচালক আৰু গীতিকাৰো।
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কাৰণে এশৰো অধিক নাটক লিখি জনপ্ৰিয়তাৰ শীৰ্ষত আছিল হেমন্ত দত্ত। তেওঁৰ কলমত প্ৰাণ পাই উঠা মই যি বাটৰে ওলালো আজি নাহো ওলটি, সময় গতিশীল, হিয়াৰ মৰম মুকুটা হৈ, মতলীয়া বতাহে উৰি আহি কলে যে, নায়ক হব খুজি খলনায়ক হলি এই চিৰ সেউজ গীত বোৰ কোনে পাহৰিব। তেওঁ অভিনেতা আৰু পৰিচালক হিচাপেও যথেষ্ঠ সুনাম কঢ়িয়াই আনিছিল।
এই বছৰৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক প্ৰয়াত অচ্যুৎ লহকৰ বটাঁ লাভ কৰিছে বিশিষ্ট নাট্যকাৰ, অভিনেতা পৰিচালক হেমন্ত দত্তই। অচ্যুৎ লহকৰ স্মাৰক বটাঁ ২০২৪ লাভ কৰি আনন্দিত তেওঁ। হেমন্ত দত্তই কয় লহকৰে বহু কষ্টৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল। ইয়াৰ বাবে তেওঁ জীৱনত বহু কষ্ট ত্যাগ কৰিছিল।
মানুহক বিৰক্ত নোহোৱাকৈ নাটক চোৱাৰ অদ্ভট চিন্তা কৰিছিল ভ্ৰাম্যমাণৰ জৰিয়তে। গাওঁ চহৰ কোনো কথা নাই সকলোৰে মাজত সোমাই গৈছিল ভ্ৰাম্যমাণ। অচ্যুৎ লহকৰে ভ্ৰাম্যমাণৰ যি ৰূপৰেখা তৈয়াৰ কৰিলে সেয়া ইতিহাসত বিৰল, সেইকাৰণে চাকৰি বাদ দিও ভ্ৰাম্যমাণত জড়িত হৈছিল হেমন্ত দত্ত।
তেওঁ কয় যে যি কোনো কামৰে স্বীকৃতি লোভনীয়, মই কিবা এটা কৰিছোঁ দৰ্শকৰ বাবে কৰিব পাৰিছোঁ, সেই কাৰণে স্বীকৃতি পাই ভাল লাগিছে। তাকো অচ্যুৎ লহকৰ দেৱৰ দৰে ভ্ৰাম্যমাণৰ জনক জনৰ নামত। এইগৰাকী স্বনামধন্য নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক এতিয়া বয়সৰ বাবে কিছু থমকি ৰৈছে যদিও ব্যস্ত উপন্যাস লিখাত।
ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰৰ অষ্টম বাৰ্ষিক মৃত্যু তিথিত অষ্টম বাৰৰ বাবে অচ্যুৎ লহকৰ স্মাৰক বটাঁ ২০২৪ লাভ কৰিব। এই বটাঁ প্ৰদান অনুষ্ঠান ৰঙিয়াৰ পূব ৰঙিয়া প্ৰগতি সংঘ প্ৰাঙ্গনত ৭ জুলাইৰ দিনা অনুষ্টিত হব।