এইবাৰ চোৰৰ চাফাই অভিযান শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰত...

এইবাৰ চোৰৰ চাফাই অভিযান  শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰত...

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে নিশা মঙলদৈ গাখীৰ খোৱা গাওঁত অৱস্থিত শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰত চোৰে প্ৰৱেশ কৰি চলালে লুটপাত। চোৰে লুটি লৈ গ'ল প্ৰায় ডেৰ লক্ষাধিক নগদ ধন, বহু পৰিমাণৰ সোণ-ৰূপৰ অলংকাৰ।

জাগ্ৰত মন্দিৰটোত পুৱা চাকি জ্বলাবলৈ আহি পুৰোহিতে প্ৰত্যক্ষ কৰে মন্দিৰৰ এই দুৰৱস্থা। ৰাজ্যখনৰ ভিতৰতে এক উল্লেখযোগ্য উপসনাৰ স্থান হৈছে মঙলদৈৰ শ্ৰীশ্ৰী মোৱামৰীয়া হৰি মন্দিৰ।

প্ৰতি বছৰে এই মন্দিৰটো অনুষ্ঠিত হৈ আহিছে গোন্ধ চৌপৰি অনুষ্ঠান। এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই আহি সেৱা জনাই। তেনে এটি জাগ্ৰত মন্দিৰৰ পৰাই দেওবাৰে নিশা মন্দিৰৰ দান পাত্ৰ, প্ৰনামী বাকচ ভাঙি চোৰে লুটি লৈ গল প্ৰায় ডেৰ লক্ষ্যাধিক নগদ ধনৰ লগতে প্ৰায় দুই লক্ষাধিক মূল্যৰ সোন ৰূপৰ গহনা।

মন্দিৰত চুৰি সেৱাৰ খবৰে মন্দিৰ পৰিচালনা সমিতিৰ লগতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে মঙলদৈ আৰক্ষী উক্ত মন্দিৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

এইবাৰ চোৰৰ চাফাই অভিযান  শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰত...
ওৰাঙৰ শিক্ষক জগদীশ মাহাতোৰ আকস্মিক বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in