নবীন লেখক লেখিকাৰ চা-চিনাকী আৰু অন্তৰংগ আলাপ অনুষ্ঠান...

নবীন লেখক লেখিকাৰ চা-চিনাকী আৰু অন্তৰংগ আলাপ অনুষ্ঠান...
নবীন লেখক লেখিকাৰ চা-চিনাকী আৰু অন্তৰংগ আলাপ অনুষ্ঠান...

ডিজিটেল সংবাদ মঙলদৈঃ 'মঙলদৈৰ এখন পূৰ্ণাংগ ইতিহাস আজিলৈ প্ৰণয়ন নোহোৱাটো দুৰ্ভাগ্যজনক। গতিকে গল্প কবিতাৰ লগতে নবীন লেখক লেখিকাই ইতিহাস ৰচনাত গুৰুত্ব আৰোপ কৰা উচিত।' - এই ভাষ্য তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সঞ্জীৱপল ডেকাৰ।

মঙলদৈ য়ুথ ক্লাব প্ৰেক্ষাগৃহত দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মা, সাংবাদিক গণেশ দত্ত আৰু বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দুলাল হাজৰিকাৰ উদ্যোগত শুকুৰবাৰে হোৱা 'দৰঙৰ নবীন লেখক লেখিকাৰ মাজত চা-চিনাকী আৰু অন্তৰংগ আলাপ' অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড০ সঞ্জীৱপল ডেকা।

অনুষ্ঠানত তেওঁ কোনে কিমান লিখিলে, কিমান গ্ৰন্থ প্ৰকাশ কৰিলে আদিৰ ওপৰত বেছি গুৰুত্ব নিদি গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ লেখক লেখিকাক আহ্বান জনায়। তেওঁ লগতে নবীন লেখক লেখিকাক উৎসাহ আৰু প্ৰশংসা কৰাটো প্ৰয়োজন যদিও লেখা নপঢ়াকৈ কোনোবা লেখকক প্ৰশংসা কৰাটো লেখকজনৰ লগতে সমাজৰ বাবেও ক্ষতিকাৰক বুলি কয়।

শিক্ষা বৃত্তিত থকাসকলে বাতৰি কাকত, আলোচনী, গ্ৰন্থ অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন যদিও অসমৰ প্ৰাথমিক পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ অধিকাংশ শিক্ষক- শিক্ষয়িত্ৰীয়ে বাতৰি কাকত, আলোচনী, গ্ৰন্থ অধ্যয়ন নকৰে বুলি তেওঁ কয়।

সাংবাদিক গণেশ দত্তই আঁতধৰা আৰু সাহিত্যিক হৰিচন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা এই অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ড০ বিজয় কুমাৰ শৰ্মাই লেখকসকলে এটা লেখনি কেইবাবাৰো চোৱাৰ পিছত নিজে প্ৰথমে সন্তুষ্টি লাভ কৰিলে তাক প্ৰকাশৰ বাবে প্ৰেৰণ কৰা উচিত বুলি কয়।

দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই লেখক লেখিকাসকলক এখনকৈ অভিধান লেখা টেবুলত ৰাখিবলৈ আহ্বান জনাই বানান আৰু বাক্য গাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ কয়। অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম হিউষ্টন ষ্টেট ইউনিভাৰচিটিৰ অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথে বিশ্ব সাহিত্যত জিলিকি থকা বহু সাহিত্যিক প্ৰথমাৱস্থাত ব্যৰ্থ হোৱাৰ উদাহৰণ দাঙি ধৰে।

তেওঁ কয়, এটা লেখা তথা এখন গ্ৰন্থই পাঠকৰ সমাদৰ নাপালেও হতাশ হোৱাৰ প্ৰয়োজন নাই। বৰঞ্চ নিজৰ ভুল ক্ৰুটিবোৰ বিচাৰি উলিয়াই ন উদ্যমেৰে সাহিত্য চৰ্চা কৰি যোৱা উচিত। তেওঁ লগতে 'বুক ক্লাব' গঠন কৰি একো একোখন গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থখনৰ ওপৰত আলোচনা কৰাৰ অভ্যাস কৰিব লাগে বুলি কয়।

সভাত দৌৰঙ্গ বাৰ্তাৰ সম্পাদক শংকৰ কাকতি, কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুঞ্জ দেৱী, নাট্যকাৰ বাসৱ চন্দ্ৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গৌতমানন্দ গোস্বামী, লেখক মুনিন্দ্ৰ বৈশ্য, বিন্দু ৰাজবংশী, মঙলদৈ জিলা কাৰাগাৰৰ অধীক্ষক ৰঞ্জিত বুঢ়াগোহাঁই, গীতিকাৰ আব্দুল মালিক, হেৰম্ব কুমাৰ নাথ, সোমেশ্বৰী দাস, চক্ৰধৰ নাথ, ড০ দিপালী চহৰীয়া, সাংবাদিক মদন চন্দ্ৰ বৰুৱা, দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মা, হৰেন্দ্ৰ ৰাজবংশী, শশাংক হাজৰিকা, বিনিতা বৰুৱা, ৰঞ্জিতা শৰ্মা, ক্ষীৰুমণি বৰুৱা, পবিত্ৰ হাজৰিকা, জাহ্নৱী হাজৰিকা, ড০ লীনা হাজৰিকা, নিৰঞ্জন শইকীয়াকে ধৰি ৮৩ জন নবীন প্ৰবীণ লেখক লেখিকা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in