/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f1af9260-83b5-4565-8d53-ed4d34f29762/mangaldai_high_school.jpg)
MANAGALDAI VIDYAPITH
ডিজিটেল সংবাদ,মঙলদৈঃ ২৫ বছৰে বিনা বেতনে দায়িত্ব পালন কৰা এজন কৰ্মচাৰীৰ মৰ্ম বেদনা। সুদীৰ্ঘ সময় বেতন অবিহনে দায়িত্ব পালন কৰি ভাগৰি পৰা এই কৰ্মচাৰীজন জীৱন যুদ্ধত ক্ৰমান্বয়ে ভাঙি পৰিছে। যাৰ বাবে তেওঁ এতিয়া শিক্ষানুষ্ঠানৰ ভিতৰতে চিপজৰি লৈ আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে।
মঙলদৈ বিদ্যাপীঠৰ এজন চৰকাৰী কৰ্মচাৰীৰ কৰুণ কাহিনী এয়া। শিক্ষানুষ্ঠাখনৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী প্ৰভাত চন্দ্ৰ বৰুৱা। বৰুৱাই সুদীৰ্ঘ সময় ধৰি বিনা বেতনে পালন কৰি আহিছে নিজৰ দায়িত্ব। ২৫ বছৰ ধৰি বিনা বেতনে দায়িত্ব পালন কৰি ভাগৰি পৰা প্ৰভাত চন্দ্ৰ বৰুৱাই অৱশেষত চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ স্থিৰ কৰিছে। তেওঁ ভাবুকি দিছে আত্মহত্যাৰ।
প্ৰভাত চন্দ্ৰ বৰুৱাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁৰ মৰ্ম বেদনা প্ৰকাশ কৰি এক প্ৰকাৰে হুংকাৰ দি কয়- 'মই স্কুলৰ ভিতৰতে চিপজৰি লম।' মঙলদৈ গধিয়া পাৰা নিবাসী প্ৰভাত চন্দ্ৰ বৰুৱাক মঙলদৈ বিদ্যাপীঠ হাইস্কুল সমিতিয়ে তাহানিতে বিদ্যালয়খনত যোগদান কৰিব দিছিল। সেই অনুসৰিয়েই তেওঁ বিদ্যালয়খনত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁৰ চাকৰিও নিয়মীয়া হৈছিল।
উল্লেখ্য যে, ১৯৯৪ চনৰ পৰা ১৯৯৬ চনলৈকে নিয়মীয়াভাৱে কৰ্মচাৰী বৰুৱাই চৰকাৰৰ পৰা দৰমহাও লাভ কৰিছিল। কিন্তু হঠাৎ খবৰ আহিল যে, বৰুৱাৰ চাকৰিটো স্থগিত ৰখা হৈছে। সেই যে, স্থগিতৰ খবৰটো আহিল তেতিয়াৰ পৰা সুদীৰ্ঘ ২৫ বছৰে তেওঁ এটকাও দৰমহা নোহোৱাকৈ বৰ্তমানলৈকে বিদ্যালয়খনত কৰ্মৰত হৈ আছে ।
অৱশ্যে কেতিয়াবা আই এছ অফিচৰ পৰা চাকৰিৰ নামত কাগজ-পত্ৰ বিচাৰি চিঠি আহে। সেই অনুসৰিয়েই তেওঁ প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিয়ে যদিও তেওঁৰ সমস্যা দূৰ নহয়। সেয়ে বৰুৱাই আক্ষেপৰে কয়- বিভাগীয় কৰ্তৃপক্ষই মোক স্কুলখনৰ পৰা খেদিও নিদিয়ে, দৰমহাও নিদিয়ে। মোৰ ছোৱালী তিনিজনী। সিহঁতে কেতিয়াবা লঘোণে থাকে। স্কুলখনক বাদ দি একো কাম কৰিবও নোৱাৰোঁ।
এইদৰেই চৰম অনিশ্চয়তাত সুদীৰ্ঘ ২৫ বছৰে কৰ্তব্য পালন কৰি অহা চতুৰ্থবৰ্গৰ কৰ্মচাৰী প্ৰভাত চন্দ্ৰ বৰুৱাই অৱশেষত উপায়ন্তৰ হৈ কৰ্তব্য সমাপন কৰা শিক্ষানুষ্ঠাখনতে চিপজৰি লৈ আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈও বাধ্য হৈছে। তেওঁ সংশ্লিষ্ট বিষয়া তথা চৰকাৰক অনুৰোধ জনাইছে- ''শীঘ্ৰেই মোৰ চাকৰিৰ এই সমস্যা দূৰ কৰক। অন্যথা বিদ্যালয়ৰ ভিতৰতেই চিপজৰি লৈ আত্মহত্যা কৰাৰ বাহিৰে বিকল্প একো পথ হাতত নাথাকিব।''