কিবা এটা কৰক, নতুবা আত্মজাহ দিয়াৰ বাহিৰে বেলগ পথ নাইঃ দুৰ্ভগীয়া শিক্ষকৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান...

পত্নী, সন্তান লৈ চাকৰি হেৰুওৱা শিক্ষক বহিল প্ৰতিবাদত...

author-image
Asomiya Pratidin
New Update
কিবা এটা কৰক, নতুবা আত্মজাহ দিয়াৰ বাহিৰে বেলগ পথ নাইঃ দুৰ্ভগীয়া শিক্ষকৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান...

mangaldoi

ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে দুপৰীয়া মঙলদৈৰ ফুটপাথত এক অভিনৱ প্ৰতিবাদত বহিল এজন লোক । নিজ পত্নী আৰু কণমানি সন্তানৰ সৈতে প্ৰতিবাদত বহিল মঙলদৈ দেওমৰনৈৰ কুলেন কলিতা নামৰ লোকজন। কেৱল প্ৰতিবাদেই নহয়, কুলেন কলিতাই সপৰিয়ালে আত্মজাহৰো ভাবুকি দিলে চৰকাৰক উদ্দেশ্যি ।

Advertisment

১৯৯৯ ত নিযুক্তি প্ৰাপ্ত দৰঙৰ প্ৰায় ২৫০ ৰো অধিক শিক্ষকে চাকৰি হেৰুৱাই দিকভ্ৰান্ত হৈ পৰিছে । তাৰে মাজেৰেই এজন কুলেন কলিতা। কুলেন কলিতাৰ লগতে প্ৰায় ২৫০জন শিক্ষকে ১২ টা বছৰে সুকলমে শিক্ষকতা কৰাৰ পিছত হঠাৎ চাকৰি হেৰুৱাইছিল ।

এতিয়া এইসকল শিক্ষকৰ পৰিয়ালৰ ঘৰ নচলা অৱস্থা ।পৰিয়ালক পোহপাল দিবলৈ সামৰ্থ হেৰুৱাই এতিয়া মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল কুলেন কলিতা ।

এবাৰ হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বিচাৰিছে বঞ্চিত শিক্ষক গৰাকীয়ে ।লগতে তেওঁ আশাবাদী মুখ্যমন্ত্ৰীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব ।অন্যথা আত্মহত্যাৰ দৰে পথ বাছি ল'ব সপৰিয়ালে ।

teacher protest mangaldoi