পুৱাই মঙলদৈ আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যৰ সৈতে মহিলাসহ আটক দুজন

পুৱাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই মঙলদৈ আৰক্ষীয়ে আছিয়া বেগম নামৰ এগৰাকী মহিলাক ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আটক কৰিছে আনোৱাৰ হুছেইন নামৰ এজনকো।

author-image
Tushar Pratim
New Update
mangaldoi

ডিজিটেল সংবাদ মঙলদৈঃ বৃহস্পতিবাৰে পুৱাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই মঙলদৈ আৰক্ষীয়ে এগৰাকী মহিলাক ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে পুৱা মঙলদৈ চহৰৰ মাজমজিয়াৰ ২ নং ৱাৰ্ডৰ পৰা আৰক্ষীয়ে আটক কৰিছে আছিয়া বেগম নামৰ এগৰাকী মহিলাক। 

Advertisment

মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ ড্ৰাগছ।  অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এই মহিলাগৰাকীয়ে মঙলদৈ চহৰত চলাই আহিছিল ড্ৰাগছৰ বেহা। আজি গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীক আটক কৰে। 

আটক কৰাৰ সময়ত তেওঁক তালাচী চলাই তেওঁৰ পৰা ২৭ টা ড্ৰাগছ ভৰ্চি কণ্টেইনাৰ আৰু ৮ টা মোবাইল, এটা টেবলেট আৰু নগদ ৬২ হাজাৰ টকা জব্দ কৰে। আৰক্ষীয়ে আছিয়া বেগমৰ লগতে তেওঁৰ বাসগৃহৰ পৰা আনোৱাৰ হুছেইন নামৰ এজন যুৱককো আটক কৰে। জানিব পৰা মতে আনোৱাৰ হুছেইনো আছিয়া বেগমৰ সৈতে ড্ৰাগছৰ বেহাত জড়িত হৈ আছে।  

মঙলদৈ ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছ