মঙলদৈ মহাবিদ্যালয়ত নামভৰ্তিক লৈ দুষ্ট চক্ৰৰ ধন সংগ্ৰহঃ এজনক সোধপোছৰ বাবে আটক

প্ৰাক্তন ছাত্ৰই নিজকে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া বুলি পৰিচয় দি কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকৰ পৰা নাম ভৰ্তি কৰাই দিয়াৰ নামত ধনলোৱাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
মঙলদৈ মহাবিদ্যালয়ত নামভৰ্তিক লৈ দুষ্ট চক্ৰৰ ধন সংগ্ৰহঃ এজনক সোধপোছৰ বাবে আটক

ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মঙলদৈ মহাবিদ্যালয়৷ এই মঙলদৈ মহাবিদ্যালয়ত চলিত বৰ্ষত স্নাতক শাখাত নাম লগাবলৈ ১২ হাজাৰৰো অধিক ছাত্ৰছাত্ৰীয়ে প’ৰ্টেল যোগে ইতিমধ্যে আবেদন কৰিছে৷ 

Advertisment

ইয়াৰেই সুযোগ গ্ৰহণ কৰি একাংশ প্ৰাক্তন ছাত্ৰই নিজকে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া বুলি পৰিচয় দি কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকৰ পৰা নাম ভৰ্তি কৰাই দিয়াৰ নামত ধনলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ কৰিছে মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ একতা সভাই৷ 

এই সন্দৰ্ভত ছাত্ৰ একতা সভাই মহাবিদ্যালয়ৰ অধ্যক্ষক লিখিত অভিযোগ দিয়াৰ পিছতে অধ্যক্ষ ড০ কমলা কান্ত বৰাই মঙলদৈ আৰক্ষী থানাত বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে। জানিব পৰা মতে ইতিমধ্যে মঙলদৈ আৰক্ষী থানাই এজন প্ৰাক্তন ছাত্ৰক আটক কৰিছে। 

মঙলদৈ সদৰ থানাৰ আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাই মহাবিদ্যালয়ত উপস্থিত হৈ সোধপোছৰ বাবে আল্টাফ আলী নামৰ এজন ছাত্ৰক আটক কৰি থানালৈ আনি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব৷

মঙলদৈ মহাবিদ্যালয়