/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/33cce4aa-fab8-442f-b172-fa01098de622/CAR_03.jpg)
MANGALDOI
ডিজিটেল সংবাদ মঙলদৈঃ পূজাৰ আনন্দ উল্লাসৰ মাজতে নৱমীৰ দিনটোত মঙলদৈত সংঘটিত হ'ল এক অঘটন। মঙলদৈ চমুৱাপাৰাত সামান্য কথাতে এখন বাহন ভাঙি ধ্বংস কৰিলে এজন ব্যক্তিয়ে।
মঙলদৈ চমুৱাপাৰাত এজন ব্যক্তিৰ ঘৰৰ সন্মুখত এখন বাহন ৰখাইছিল এজন ব্যক্তিয়ে। সেই কথাতে অসন্তুষ্ট হৈ গৃহষ্ঠই বাহনখন ভাঙি ক্ষতি কৰে। কেৱল সেয়াই নহয়, বাহনখনৰ গৰাকীয়ে বাহনখনৰ ভিতৰত থকা এটা বেগৰ পৰা দুডালকৈ সোণৰ চেইন লৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে।
অভিযুক্ত লোকজনৰ নাম নিত্যানন্দ ডেকা। এই ঘটনা সংঘটিত কৰাৰ পিছতে অভিযুক্ত নিত্যানন্দই পলায়ন কৰে। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে মঙলদৈ আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।