/asomiyapratidin/media/media_files/2024/12/08/MkVC5ogCThBQg6L2NBLc.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দেওবাৰৰ পৰা মঙলদৈ প্ৰেছ ক্লাৱ তথা অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত মঙলদৈত আয়োজন কৰা হৈছে গ্ৰন্থমেলা। ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।
দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মঙলদৈ গ্ৰন্থমেলা ২০২৪ৰ শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথিৰ লগতে উদ্বোধক হিচাপে উপস্থিত থাকে ক্ৰমে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু ৷
/asomiyapratidin/media/media_files/2024/12/08/7veLl0DHSaDjaw04aomc.jpg)
আনহাতে অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যক ড০ জুৰি দত্ত, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, বিধায়ক বসন্ত দাস, ড০ পৰমানন্দ ৰাজবংশী, মুজিবুৰ ৰহমান আদি। দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু গ্ৰন্থপ্ৰেমীৰে উদুলি-মুদুলি হৈ পৰিছে মঙলদৈ গ্ৰন্থ মেলাৰ বাকৰি ৷
গ্ৰন্থমেলাৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই সকলো গ্ৰন্থপ্ৰেমী ৰাইজক আদৰণী জনায় ৷ এইবেলি গ্ৰন্থমেলাত দিল্লী, কলিকতাকে ধৰি ৩৫ টাৰো অধিক গ্ৰন্থ প্ৰকাশনে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us