ৰিল বনালে পৰিব বিপদত!

অসমত চলি থকা সন্দেহ যুক্ত নাগৰিকৰ বাসগৃহ উচ্ছেদৰ ওপৰত বিৰোধিতাৰে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰিল বনাইছিল মাহমুদে। মাহমুদ আলম খাৰুপেটিয়া মহাবিদ্যালয়ৰ স্নাতক শাখাৰ ছাত্ৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মঙলদৈঃ ৰিল বনোৱাৰ আগত সাৱধান। ৰিল বনাই ৰঙাঘৰৰ আলহী হ'ল দলঙৰ এজন যুৱক। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে ৰিল বনাইছিল দৰঙৰ এজন যুৱকে। যুৱকজন দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট গাঁৱৰ ২০ বছৰীয়া মাহমুদ আলম।

Advertisment

মাহমুদ আলমে উচ্ছেদ সম্পৰ্কে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ বিৰোধিতাৰে ৰিল বনাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। অসমত চলি থকা সন্দেহ যুক্ত নাগৰিকৰ বাসগৃহ উচ্ছেদৰ ওপৰত বিৰোধিতাৰে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰিল বনাইছিল যুৱক জনে।

ইয়াৰ পাছতে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ধূলা আৰক্ষীয়ে। উল্লেখযোগ্য যে, মাহমুদ আলম খাৰুপেটিয়া মহাবিদ্যালয়ৰ স্নাতক শাখাৰ ছাত্ৰ।

দৰং