সম্পত্তিৰ ভাগ নিদিয়াৰ বাবে মাতৃক অত্যাচাৰ পুত্ৰৰ

মঙলদৈ সদৰ থানাত এগৰাকী বৃদ্ধাৰ হিয়াভঙা কান্দোন। ৭৫ বছৰীয়া মাতৃৰ দুচকুৰ পানীয়েও মন গলাব পৰা নাই পাষাণ পুত্ৰৰ। মাতৃৰ বুকুৰ উম পাহৰিলে কুলাংগাৰ পুত্ৰই।

author-image
Asomiya Pratidin
New Update
আৰক্ষী থানাত এগৰাকী বৃদ্ধাৰ হিয়াভঙা কান্দোন

আৰক্ষী থানাত এগৰাকী বৃদ্ধাৰ হিয়াভঙা কান্দোন

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ সদৰ থানাত এগৰাকী বৃদ্ধাৰ হিয়াভঙা কান্দোন। ৭৫ বছৰীয়া মাতৃৰ দুচকুৰ পানীয়েও মন গলাব পৰা নাই পাষাণ পুত্ৰৰ। মাতৃৰ বুকুৰ উম পাহৰিলে কুলাংগাৰ পুত্ৰই। উপায়ন্তৰ বৃদ্ধা মাতৃয়ে পুত্ৰ আৰু বোৱাৰীৰ অত্যাচাৰৰ সহিব নোৱাৰি কাষ চাপিছে আৰক্ষীৰ।

এই ঘটনা মঙলদৈৰ নিকটৱৰ্তী চপাই শালৈপাৰা গাঁৱৰ। পুত্ৰক সম্পত্তি দিবলৈ অপাৰগ হোৱাৰ বাবেই অৱহেলা কৰাৰ অভিযোগ মাতৃ উন্দলী দাসৰ। একমাত্ৰ পুত্ৰ চিবু দাস আৰু বোৱাৰীৰ অত্যাচাৰত অতিষ্ঠ হৈ যোৱা এবছৰ ধৰি কন্যাৰ ভাড়াঘৰত লুকাই থাকিবলগীয়া হৈছিল বৃদ্ধা মাতৃ গৰাকী।

কিন্তু ভাড়াঘৰত থাকিবলৈ অসুবিধা হোৱাৰ বাবে বৃদ্ধা গৰাকীয়ে এতিয়া আশ্ৰয় তথা সুৰক্ষা বিচাৰি আৰক্ষীৰ কাষ চাপিছে। এবছৰ পূৰ্বে স্থানীয় মহিলা সমিতিয়ে পুত্ৰ বোৱাৰীক সৈমান কৰাই মাকক ঘৰতে ৰখাৰ চেষ্টা কৰিছিল যদিও বৃদ্ধা মাতৃয়ে সম্পত্তি, টকা পইচা দিব নোৱাৰাৰ বাবেই পুনৰ ঘৰত নাৰাখো বুলি উলিয়ায় দিয়ে। ইফালে, মাতৃৰ অভিযোগ অনুসৰি, টকা-পইচা বা সম্পত্তি যি সামান্যতম আছিল সেইয়াও কেতিয়াবাই পুত্ৰই বিক্ৰী কৰি মদ-ভাং খাই শেষ কৰি দিয়ে। অৱশেষত উন্দলী দাসক মঙলদৈ আৰক্ষীয়ে বৃদ্ধা আশ্ৰমত থোৱাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে।

মঙলদৈ