/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9a41c0d2-7dc0-430d-8508-cacd289e7c37/mangaldai.jpg)
Mangaldai
ডিজিটেল সংবাদ,মঙলদৈঃ মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে- দৰং, অসম'ৰ ২য় বৰ্ষপূৰ্তি অনুষ্ঠান দেওবাৰে সফল সামৰণি পৰে। দুদিনীয়াকৈ হোৱা এই বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে দিনৰ ২ বজাত মঙলদৈ ইউথ ক্লাবত হোৱা সাধাৰণ আৰু বিষয় বাচনি সভাত উপদেষ্টা বাসৱ চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন কৰি সাধাৰণ সভাখন উদ্বোধন কৰে।
আনোৱাৰ হুছেইনৰ সভাপতিত্বত হোৱা এই সভাত সম্পাদক গণেশ দত্তই পাঠ কৰা সম্পাদকীয় প্ৰতিবেদন আৰু হিচাব সৰ্বসন্মত মৰ্মে সভাই গ্ৰহণ কৰে। হিচাব মৰ্মে মাত্ৰ ২ বছৰীয়া কাৰ্যকালত সদস্য আৰু শুভাকাংক্ষীৰ পৰা সংগৃহীত হয় ৪,৭৯,০৫১ টকা। ইয়াৰে ২,২০,৩৯৮ টকা দুৰ্গত জনৰ মাজত ব্যয় হোৱাত সংগঠনটোৰ পুঁজিত জমা থাকে ২,৫৮,৬৫৩ টকা। সভাত সংগঠনটোৰ সংবিধান সৰ্বসন্মত গ্ৰহণ কৰা হয়।
আনহাতে সভাত আনোৱাৰ হুছেইনক সভাপতি, কুঞ্জ দেৱী, এনী ভূঞা ডেকা, শেখৰ মজুমদাৰক উপ সভাপতি, গণেশ দত্তক সাধাৰণ সম্পাদক, জিতুমণি চহৰীয়াক সম্পাদক, প্ৰাঞ্জল শৰ্মা, ধ্ৰুৱজ্যোতি বৰা, জয়প্ৰকাশ শৰ্মাক সহকাৰী সম্পাদক আৰু ৰাতুল ডেকাক বিত্ত সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰে।
মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত দেওবাৰে পুৱা ১০.৩০ বজাত সভাপতি আনোৱাৰ হুছেইনে পতাকা উত্তোলন কৰাৰ লগে লগে উপস্থিত সকলোৱে সমস্বৰে সুধাকণ্ঠৰ কালজয়ী 'মানুহে মানুহৰ বাবে...', শীৰ্ষক গীতটি পৰিবেশন কৰে। ইয়াৰ পিছতে উপদেষ্টা হৰিচন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে। দিনৰ ১১ বজাত শিল্পী প্ৰাঞ্জল শৰ্মা, সম্পাদক গণেশ দত্ত, তৃষ্ণা হাজৰিকা, পপী চহৰীয়াই আঁত ধৰা গীত, কবিতা, হাস্যৰসৰ অন্তৰংগ আলাপত পশ্চিম দৰঙৰ বুঢ়া নিৱাসী তথা আনুষ্ঠানিক শিক্ষা অবিহনে সাহিত্য চৰ্চাত নিমগ্ন 'প্ৰেৰণাশ্ৰী' যতীন কুমাৰক চিন্তাৰাম বৰা সোঁৱৰণী 'সাহিত্য বঁটা', বিশেষ ভাৱে সক্ষম ৰিতুস্মিতা হাজৰিকাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত চৰিফা খাতুন সোঁৱৰণী 'শৈক্ষিক বঁটা' আৰু কাৰোবাৰ ঘৰত সাপ সোমালে দৌৰি গৈ সাপটো ধৰি জংঘলত এৰি দিয়া মঙলদৈৰ ৰাজকুমাৰ বৰা (ৰাজু)ক কামেশ্বৰী বৰা সোঁৱৰণী 'মানৱসেৱা' বঁটা প্ৰদান কৰে।
তদুপৰি ৰোগত আক্ৰান্ত জ্যোতিস্মিতা ডেকাক ৫০০০ টকা, কৃতী ছাত্ৰী জ্যোতিস্মিতা দাসক ৪০০০ টকা আৰু জ্যোতিমা চহৰীয়াক ১৫০০ টকা প্ৰদান কৰে। অনুষ্ঠানত কৰুণাধাৰাৰ পৰা নিৰুপমা ডেকাক ২০ হাজাৰ, আৰাফা বেগম আৰু জিতুমণি নাথক ৯ হাজাৰ টকাকৈ প্ৰদান কৰা হয়।
সেইদৰে যতীন কুমাৰৰ নৱতম উপন্যাস প্ৰকাশৰ বাবে এই সভাতে সংগীতা দেৱীয়ে ১০ হাজাৰ, কুন্তল হাজৰিকাই ৫ হাজাৰ, মানুহে মানুহৰ বাবে-, দৰং, অসমে ৩ হাজাৰ, হিমাদ্ৰী হাজৰিকা আৰু কীৰিতি বৰাই ২ হেজাৰ টকাকৈ প্ৰদান কৰে। সংগঠনটোৰ উপদেষ্টা ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে পত্ৰিকা উন্মোচন কৰা এই সভাত উপদেষ্টা অনুপম ডেকাই চমু ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত ৰঞ্জিত বুঢ়াগোহাঁই, এনী ভূঞা ডেকা, পপী চহৰীয়া, মিনতি হাজৰিকা, ননী বৰা চহৰীয়া, বাসৱ চন্দ্ৰ ডেকা, জাহ্নৱী চক্ৰৱৰ্তী, মীৰা হাজৰিকা, কুশলা ডেকা, ডঃ দিপীলা চহৰীয়া, মামনী গোস্বামী, কুঞ্জ দেৱী, সুব্ৰত শীল, ডঃ লীনা শইকীয়াই কবিতা পাঠ, নিৰ্মালী দেৱী শৰ্মাই কৌতুক, ৰুনুপ্ৰভা চহৰীয়া, লনীমা বৰা, মৃণালী কাকতি, উত্তৰা মেচে নৃত্য, অনিমা চহৰীয়া, বিনু ডেকা, ৰঞ্জিতা শৰ্মা, পৰিণিতা ডেকা, প্ৰজ্ঞাশ্ৰী শৰ্মা, জ্যোতিস্মিতা দত্ত, চিত্ৰলেখা মজুমদাৰ, শিখামণি কাকতি, কাকুল চলিহা, নিকু কটকীয়ে গীত পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে আৰু জাতীয় সংগীতেৰে এই অনুষ্ঠানৰ সামৰণি পৰে ।