মঙলদৈত মাটিৰ সীমাক লৈ মাৰপিট...

একেটা পৰিয়ালৰ পতি-পত্নী সহ ৬ গৰাকী গুৰুতৰভাৱে আঘাত হোৱাৰ বিপৰীতে এজন লোক নিহত

author-image
Asomiya Pratidin
New Update
মঙলদৈত মাটিৰ সীমাক লৈ মাৰপিট...

মঙলদৈৰ ঘটনা

ডিজিটেল সংবাদ,‌মঙলদৈঃ মঙলদৈ চহৰৰ ওচৰৰ বান্দিয়া গাঁৱত মাটিৰ সীমাক দুই পক্ষৰ মাজত সংঘটিত হৈছে মাৰপিট। জানিব পৰা মতে, শুক্ৰবাৰে বান্দিয়াত দুটি পৰিয়ালৰ মাজত মাটি দখলকলৈ প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈ পৰৱৰ্তী সময়ত মাৰপিটৰ সৃষ্টি হয়।

উক্ত ঘটনাত একেটা পৰিয়ালৰ পতি-পত্নী সহ ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকৰ সহায়ত আহত সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ঘটনাটোত গুৰুতৰভাৱে আহত গফুৰ আলী নামৰ লোকজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গৈ পোৱাৰ পিছতেই মৃত্যু হয়। আনহাতে উক্ত ঘটনাৰ লগত জড়িত ৮ জনীয়া দল এটাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে মৃত গফুৰৰ সৰু পুত্ৰই।

কেনেদৰে গফুৰ সহ ৫ জনক মাৰপিট কৰিছিল সেই ঘটনা সম্পৰ্কেও প্ৰয়াত গফুৰৰ কনিষ্ঠ পুত্ৰই সাংবাদিকৰ আগত উল্লেখ কৰে। এতিয়া গফুৰৰ সৰু পুত্ৰ আৰু পৰিয়ালৰ লোকে বিচাৰিছে ন্যায়।

assam mangaldai police MANGALADAI