মঙলদৈত ১২.৫ কোটি টকাৰ মথাউৰিৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপন অনুষ্ঠানত, বিধায়ক বসন্ত দাস, ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি মুকুন্দ ডেকা,মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰতাপ বৰদলৈ সমন্বিতে স্থানীয় ব্যক্তি সকল উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
jghjgk

ডিজিটেল সংবাদ,মঙলদৈ:  বৃহস্পতিবাৰে মঙলদৈ চেৰেংঘাটত ১২.৫ কোটি টকা ব্যয় সাপেক্ষে এটি মথাউৰিৰ আধাৰশিলা স্থাপন কৰে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই। SOPD-G আঁ‌চনিৰ অধীনত মঙলদৈ সমষ্টিৰ অন্তৰ্গত চেৰেংঘাট পি ডব্লিউ ডি পথৰ পৰা নিজ ৰঙামাটিলৈ ১২ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নতুন মথাউৰিয়ে উত্তৰ পাৰৰ বহু লোক উপকৃত কৰিব।

উল্লেখ্যযোগ্য যে, মথাউৰি নিৰ্মাণৰ যোগেদি গৰাখহনীয়া প্ৰৱণ এলেকাৰ বাসিন্দা সকলৰ যাতায়তৰ ব্যৱস্থা সুচল হোৱাৰ লগতে বান প্ৰতিৰোধৰ ক্ষেত্ৰত সহায়ক হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানত, বিধায়ক বসন্ত দাস, ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি মুকুন্দ ডেকা,মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰতাপ বৰদলৈ সমন্বিতে স্থানীয় ব্যক্তি সকল উপস্থিত থাকে।

মঙলদৈ