'নাক'ৰ মূল্যায়নত 'এ' গ্রেড লাভ মঙলদৈ মহাবিদ্যালয়ৰ...

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দলটিয়ে মঙলদৈ মহাবিদ্যালয়ত ১২ আৰু ১৩ ছেপ্তেম্বৰত বিদ্যায়তনিক আৰু আন সকলোবোৰ দিশ চালিজাৰি চাই বৃহস্পতিবাৰে মূল্যায়নৰ ফলাফল প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মঙলদৈ:   শুকুৰবাৰে উদুলি মুদুলি হৈ পৰিছে মঙলদৈ মহাবিদ্যালয়ৰ বাকৰি। উত্তৰপাৰৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মঙলদৈ মহাবিদ্যালয়ে 'নাক'ৰ মূল্যায়নত 'এ' গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দলটিয়ে মঙলদৈ মহাবিদ্যালয়ত ১২ আৰু ১৩ ছেপ্তেম্বৰত বিদ্যায়তনিক আৰু আন সকলোবোৰ দিশ চালিজাৰি চাই বৃহস্পতিবাৰে মূল্যায়নৰ ফলাফল প্ৰকাশ কৰে।

মহাবিদ্যালযখনে এ গ্ৰেড লাভ কৰাত মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ-অধ্যক্ষা তথা মহাবিদ্যালয় কৰ্তৃপক্ষ আনন্দত আত্মহাৰা হৈ পৰিছে। সেয়ে আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোভাযাত্ৰা উলিয়াই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্তৃপক্ষই। ২০০৪ আৰু ২০১৮ চনৰ 'নাক' মূল্যায়নত মঙলদৈ মহাবিদ্যালয়ে "চি" গ্ৰেড লাভ কৰিছিল।

মঙলদৈ মহাবিদ্যালয়