ৰাজহ চক্ৰ বিষয়াৰ ভাড়া ঘৰত চি এম ভিজিলেঞ্চৰ অভিযান

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাৰিকলী মন্দিৰৰ ভূমি দালালৰ সহযোগত কোনো ব্যক্তি বিশেষৰ নামত নাম জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিটি মনি দাসৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
1darrang

ডিজিটেল সংবাদ,মঙলদৈ:  ছিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়া ৰিটি মনি দাসৰ মঙলদৈৰ ভাড়া ঘৰত আজি চি এম ভিজিলেঞ্চৰ দলে অভিযান চলায়। দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাৰিকলী মন্দিৰৰ ভূমি দালালৰ সহযোগত কোনো ব্যক্তি বিশেষৰ নামত নাম জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

উক্ত অভিযোগৰ ফলত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত পঞ্জীয়ন হোৱা এটি গোচৰৰ ভিত্তিত শুকুৰবাৰে ৰাজহ চক্ৰ বিষয়া গৰাকীক গুৱাহাটীৰ পৰা মঙলদৈ ইণ্ডাষ্টি চকৰ ভাড়ালৈ অনা হয়। লগতে দলটোৱে অভিযান চলায়। 

অভিযানৰ সময়ত বিষয়া গৰাকীৰ ভাড়া ঘৰত থকা নথি-পত্ৰ সমূহ পৰীক্ষা কৰে। বিষয়া গৰাকীক লৈ পৰৱৰ্তী সময়ত ছিপাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়তো অভিযান চলোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ৰাজহ চক্ৰ বিষয়া ৰিটি মনি দাসে ২০১৯ বৰ্ষৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

নাৰিকলী মন্দিৰ