মঙলদৈত শিশু ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িত ৩ জনক জেললৈ প্ৰেৰণ

মঙলদৈত শিশু ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িত ৩ জনক জেললৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল সংবাদ,দৰংঃ দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰত শিশু ক্ৰয়-বিক্ৰয়ৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে মঙলদৈৰ প্ৰফুল্ল নগৰৰ এটা ভাড়াঘৰত থকা কলাইগাঁৱৰ নয়নজ্যোতি দেৱ কাশ্যপ আৰু শেৱালী চৌহানৰ ৩ নং সন্তানক এজন মধ্যস্থাতাকাৰীৰ জৰিয়তে অন্য দম্পত্তিলৈ বিক্ৰী কৰে।

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত ছালমাৰাৰ পৰিমল মণ্ডল আৰু দশমী মণ্ডলে ৩৬ হাজাৰ টকাৰ বিনিময়ত সন্তানটিক ক্ৰয় কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ঘটনাৰ বিষয়ে জানিব পাৰি দৰং জিলা চাইল্ড হেল্পলাইনে সন্তান বিক্ৰী কৰা পিতৃ নয়নজ্যোতি দেৱ কাশ্যপৰ বিৰুদ্ধে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

মঙলদৈ আৰক্ষীয়ে ততাতৈয়াকৈ নয়নজ্যোতি দেৱ কাশ্যপক আটক কৰি সোধ-পোছ আৰম্ভ কৰে। তদন্তৰ অন্তত বৃহস্পতিবাৰে নয়নজ্যোতি দেৱ কাশ্যপ,মধ্যস্থতাকাৰী আৰু বঙাইগাঁৱৰ পৰিমল মণ্ডলক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। ইপিনে শিশুটিৰ মাতৃ শেৱালী চৌহানক আৰক্ষীৰ তত্বাৱধানত নিজ ভাড়াঘৰত থকাৰ অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

উদ্ধাৰ কৰা শিশুটি বৰ্তমান জিলা চাইল্ড লাইনৰ তত্বাৱধানত সখি গৃহত ৰখা হৈছে। জানিব পৰা মতে শুকুৰবাৰে জিলা শিশু সুৰক্ষা সমিতিৰ ওচৰত শিশুটি হাজিৰ কৰাৰ পিছত শিশুটিক ক'ত ৰাখিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব।

Also Read: মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

mangaldai