কবি সন্মিলন, গ্ৰন্থ উন্মোচনীৰে উদুলি-মুদুলি মঙলদৈ গ্ৰন্থ মেলা-২০২২ৰ বাকৰি...

author-image
Asomiya Pratidin
New Update
কবি সন্মিলন, গ্ৰন্থ উন্মোচনীৰে উদুলি-মুদুলি মঙলদৈ গ্ৰন্থ মেলা-২০২২ৰ বাকৰি...

mangaldoi book fair

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী কবি সন্মিলন অনুষ্ঠিত হয় দিনৰ ১১-৩০ বজাত। ইয়াৰ পূৰ্বে গ্ৰন্থমেলাৰ বাকৰিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক স্বৰচিত কবিতা পাঠ হয়।

Advertisment

দৰং জিলা কবি সন্মিলনৰ উদ্যোগত অনুস্থিত হোৱা কবি সন্মিলনৰ বন্তি প্ৰজ্বলন কৰে দৰং জিলা কবি সন্মিলনৰ সভাপতি প্ৰফুল্ল দেৱ শৰ্মাই,অনুস্থানটি উদ্বোধন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট বড়ো সাহিত্যিক ড° দেবকান্ত ৰামচিয়াৰীয়ে। কবি সন্মিলনত বিশিষ্ট কবি নীলিম কুমাৰ, ফটিক দত্ত গোস্বামী, প্ৰকাশ ডেকা, আঞ্জুমাৰা হাচান, গীতিকাৰ আব্দুল কাদিৰ আহমেদ আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

কবি সন্মিলনত ৰঞ্জিতা শৰ্মা, অনামিকা ৰয়, জ্যোৎস্না শইকীয়া, সোনেশ্বৰী দাস, মনিষা নাথ, বসন্ত শইকীয়া, হেমলতা দেৱী, নিৰ্মালী ভট্টাচাৰ্য, কিৰণ চন্দ্ৰ নাথ, অনিমা চহৰীয়া, ৰুণু, চহৰীয়া ডেকা, বন্দিতা প্ৰিয়ম চহৰীয়া, হৰিচৰণ মণ্ডল, মামনি গোস্বামী, ভূমিতা ডেকা, আব্দুল হাই, ভবানন্দ নাথ, ক্ষীৰা শইকীয়া, হিমানী ডেকা, পপী চহৰীয়া, প্ৰমোদ ৰঞ্জন সাহা, পংখী কাজল কায়স্থ, প্ৰফুল্ল দেৱ শৰ্মা, ঘন হাজৰিকা, শাশ্বতী শৰ্মা, ড° ধনশ্ৰী শৰ্মা, হৰেন্দ্ৰ ৰাজবংশী, সমীৰণ শৰ্মা, বিজয় কুমাৰ বৰুৱা, ডাঃ মহেশ ডেকা, মলয় বৰুৱা, কুঞ্জ দেৱী, নীল নীলিমা দেৱী, নিৰ্মল মণ্ডল, বিউটি ৰাজবংশী, অজয় বৰুৱা, জ্যোতি ৰেখা ডেকা, অঞ্জলি ডেকা, মিনাক্ষী শইকীয়া, হিৰন্ময়ী মেধী, প্ৰণৱ এন কোঁৱৰ, নমিতা দাসকে ধৰি প্ৰায় ১২০ গৰাকী কবিয়ে অংশগ্ৰহণ কৰে।

উক্ত কবি সন্মিলনতে শাশ্বতী শৰ্মাৰ সম্পাদনাত 'নিৰ্বাচিত দৰঙী কবিৰ কবিতা' আৰু পংখী কাজল কায়স্থৰ কবিতা পুথি 'তুমি মোৰ কবিতা', প্ৰমোদ ৰঞ্জন সাহাৰ 'দ্বাৰম', অনামিকা ৰয়ৰ 'কথোপকথন', ড° ধনশ্ৰী গোস্বামীৰ 'হাস্য ব্যংগ সাহিত্য বিচাৰ' আদি কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে ৰাজীৱ হুচেইনৰ সম্পাদনাত প্ৰত্ৰিকা প্ৰকাশ কৰা হয়।

আনহাতে বিয়লি ৪ বজাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত উপায়ুক্ত জোনটি ডেকাই। গ্ৰন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰি সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সঞ্চালনাত অনুস্থিত গ্ৰন্থ উন্মোচনী সভাত অৱসৰী শিক্ষয়ত্ৰী লাবন্যপ্ৰভা দেৱীৰ 'নাৰী তুমি যোগে যোগে' আৰু হেমলতা দেৱীৰ 'অকণিহতৰ কথাৰে' গ্ৰন্থ উন্মোচন কৰা হয় ।

গ্ৰন্থ উন্মোচক হিচাবে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে, গ্ৰন্থমেলাত অসমীয়া ভাষা, সংস্কৃতি বিকাশ হয়। অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুনোদয় আছিল এখন বাৰ্তালোচনী। এই অৰুনোদয় প্ৰকাশে অসমীয়া জাতিক একত্ৰিত কৰিছিল বুলিও কয়।

সভাত বিশিষ্ট সাহিত্যিক তথা দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, সাহিত্যিক তথা দৰং জিলা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ নাৰায়ণ দেৱ, প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱা, শিশু মহিয়ান জীতেন ভাগৱতী, বিধায়ক বসন্ত দাস, জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা আদিয়ে অংশগ্ৰহণ কৰে ।

নিশা বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে পৰিবেশ কৰা সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় নৃত্য শিল্পী ভানু ডেকা চহৰীয়াই। কাইলৈ চিত্ৰাংকণ আৰু সাধু কোৱা প্ৰতিযোগিতাৰে তৃতীয় দিনাৰ কাৰ্যসূচী মুকলি হ'ব।

mangaldoi book fair