সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলদৈ গ্ৰন্থমেলা...

কিতাপ নিকিনিলে , কিতাপ নপঢ়িলে মানুহ যন্ত্ৰ হৈ পৰিবঃ ৰনোজ পেগু ।
Mangaldai book fair
Mangaldai book fair

ডিজিটেল সংবাদ,‌ মঙলদৈঃ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে মঙলদৈ গ্ৰন্থমেলা ২০২২ । সোমবাৰে বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে অসমৰ শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুৱে ।

উদ্বোধনী ভাষণত ডা০ পেগুৱে কয় যে, গ্ৰন্থমেলা প্ৰত্যেক ঠাইত প্ৰতিবছৰে হ'ব লাগে। অসমৰ বহুত চহৰ আছে য'ত কোনো গ্ৰন্থমেলা নহয় বুলিও তেঁও কয় । মন্ত্ৰী পেগুৱে লগতে কয় গ্ৰন্থ অবিহনে মানুহৰ জীৱন অসম্পূৰ্ণ । গ্ৰন্থ অবিহনে এখন সমাজ পৰিপূৰ্ণ হ'ব নোৱাৰে। গ্ৰন্থই মানুহৰ প্ৰজ্ঞাৰ বিকাশ কৰে ।

সেয়েহে গ্ৰন্থ অধ্যয়নৰ পৰিবেশ এটা আনি দিব পাৰে গ্ৰন্থমেলা সমূহে । মঙলদৈ প্ৰেছ ক্লাবৰ এই প্ৰচেষ্টাক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ । তেঁও কয় যে, গতি আৰু পৰিবৰ্তনে মানুহৰ জীৱন । ওপৰলৈ যোৱা গতিয়েই পৰিবৰ্তিত জীৱন । এতিয়া মানুহে দীৰ্ঘ জীৱন কেনেকৈ লাভ কৰে সমগ্ৰ পৃথিৱীতে তাৰ আলোচনা হৈছে । সুখ বোলা বস্তুটো কি ? সুখ পাবলৈ খং ৰাগ এইবোৰ এৰিব লাগিব । লিখা আৰু পঢ়াৰ আন্দোলন কৰি যাব লাগিব । নহলে মানুহ যন্ত্ৰ হৈ পৰিব, আৰু কয় যে, সাহিত্যৰ কোনো সীমা নাই ,জাতি নাই , ধৰ্ম নাই । সাহিত্য বিশ্বজনীন সমগ্ৰ অসমতে গ্ৰন্থ পঢ়াৰ এক আন্দোলন সৃষ্টিৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ।

ranoj pegu,chandramohon,dilip saikia at mangaldai
ranoj pegu,chandramohon,dilip saikia at mangaldai

সভাত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱীয়ে বিশিষ্ট অতিথি হিচাবে বক্তব্য আগবঢ়াই কয় যে, শুভ কথা , শুভ চিন্তাই হৈছে গ্ৰন্থমেলা আন এক শুভ বাৰ্তা ।গ্ৰন্থ কেবল জীৱিকা বুলি নাভাবি ই জ্ঞান আহৰণৰ এক আহিলাও । ই অন্তৰ আত্মাৰ সৈতেও জড়িত । গ্ৰন্থই হৈছে জ্ঞান সঞ্জয়ৰ প্ৰকৃত বন্ধ বুলিও কয় । সভাত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিশ্বমানৰ গ্ৰন্থ অনুবাদ কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বক্তব্য আগবঢ়াই বিশিষ্ট গীতিকাৰ , সাহিত্যিক ইদ্ৰীছ আলি ,অসম প্ৰকাশন পৰিষদৰ সচীব প্ৰমোদ কলিতা , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী , অসম মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেবীয়ে ।

সভাত মঙলদৈৰ বিধায়ক বসন্ত দাস , প্ৰাক্তন বিধায়ক গুৰুজোতি দাস , মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাস , বিশিষ্ট উদ্যোগপতি মুকুল ডেকা , দৰঙৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মা ,জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা , মঙলদৈ পৌৰপতি নিৰ্মালী দেবী, দৰং বিজেপিৰ সভাপতি অমৰেন্দ শৰ্মা , যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি ভবেশ কাকতি ,দৰং জিলা সাহিত্য সভাৰ সভাপতি বৰদা শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী বিদ্যা সাগৰ আৰু সীমান্ত শেখৰে গীতৰ শৰাই আগবঢ়াব লগতে কাইলৈ দিনৰ ১০ বজাত কবি সন্মিলনৰে অনুষ্ঠান আৰম্ভ হ'ব বুলি সম্পাদক লক্ষীনন্দন কলিতাই জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in