মঙলদৈত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ সন্থা

চহৰৰ শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা ড্ৰাগছ বিৰোধী শ্লোগানেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই।

author-image
Asomiya Pratidin
New Update
sdf

ডিজিটেল সংবাদ,মঙলদৈ:  সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে মঙলবাৰে মঙলগৈ চহৰত এক সজাগতা মূলক সমদল উলিয়াই। চহৰৰ শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা ড্ৰাগছ বিৰোধী শ্লোগানেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই।

Advertisment

 ড্ৰাগছ এক সামাজিক ব্যাধি,আহক এখন ড্ৰাগছ মুক্ত সমাজ গঢ়ো এই শ্লোগানেৰে ৰাষ্ট্ৰীয় ঘাইপথত শতাধিক ছাত্ৰ কৰ্মীয়ে সমাজলৈ আহ্বান জনায়। এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰি ড্ৰাগছ ব্যৱসায়ী সকলক কৰায়ত্ব কৰা লগতে অসমৰ নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ আহ্বান জনাই ছাত্ৰ নেতা সকলে।

মঙলদৈ