Advertisment

অসম সাহিত্য সভাৰ মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয় বঁটা প্ৰদান

সভাই গোৰেশ্বৰ  নিবাসী বিশিষ্ট সাহিত্যিক তথা শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোনবৰ বৰুৱা আৰু ওদালগুৰি জিলাৰ অম্বাগাঁও নিবাসী সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক নন্দেশ্বৰ দৈমাৰীলৈ মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয় বটাঁ প্ৰদান কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয়ন বঁটা প্ৰদান

মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয়ন বঁটা প্ৰদান

ডিজিটেল সংবাদ, ওদালগুৰি : অসম সাহিত্য সভাই অসমৰ দুগৰাকী বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, বিভিন্ন বটাঁৰে বিভূষিত ব্যক্তিলৈ মংগল চণ্ডী সমন্বয় বঁটা প্ৰদান কৰে। সভাই গোৰেশ্বৰ  নিবাসী বিশিষ্ট সাহিত্যিক তথা শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোনবৰ বৰুৱা আৰু ওদালগুৰি জিলাৰ অম্বাগাঁও নিবাসী সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক নন্দেশ্বৰ দৈমাৰীলৈ মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয় বটাঁ প্ৰদান কৰে।

Advertisment

বৃহস্পতিবাৰে অসম সাহিত্য সভাই ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু  মঙ্গলচণ্ডী ব্ৰহ্ম ভাষা শিক্ষা গৱেষণা কেন্দ্ৰৰ সহযোগত ওদালগুৰি  জিলা সাহিত্য সভাৰ বিদায় সভাপতি গৌৰী শংকৰ দাসৰ সভাপতিত্বত এই বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে দিনৰ ১২.৩০ বজাত মঙ্গল চণ্ডী ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে মঙ্গল চণ্ডী ব্ৰহ্মৰ জীয়াৰী নমিতা ব্ৰহ্ম বড়োই।

অনুষ্ঠানৰ পূৰ্বে আদৰণি বক্তব্য ৰাখে অসম সাহিত্য সভাৰ মঙ্গলচণ্ডী ব্ৰহ্ম ভাষা সাহিত্য গবেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতাই‌। অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ড° উপেন্দ্ৰজিৎ শৰ্মাই বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে।

উদ্দেশ্য বাখ্যাৰ পিছতেই  ২০২২বৰ্ষৰ মঙ্গলচণ্ডী ব্ৰহ্ম সমন্বয়ক বঁটা বিশিষ্ট সাহিত্যিক তথা শৰণীয়া কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি সোনবৰ বৰুৱাক এখন শৰাই, ফুলাম গামোছা, জাপি, চেলেং চাদৰ আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। লগতে ২০২৪ বৰ্ষৰ মঙ্গলচণ্ডী ব্ৰহ্ম সমন্বয় বঁটা বড়ো সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক লেখক নন্দেশ্বৰ দৈমাৰীক এখন ফুলাম গামোছা, চেলেং চাদৰ, জাপি আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিটিআৰ পাৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই উপস্থিত থাকি ভাষণ প্ৰসঙ্গত কয়, "সমন্বয়ৰ জৰিয়তেহে  এখন সুস্থ সমাজৰ উপকাৰ সাধন কৰিব পাৰি। নিজৰ মাতৃভাষাৰ দ্বাৰাই সাহিত্য আৰু উন্নয়ন গতিশীল কৰিব পাৰে। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে আমি গৌৰৱান্বিত।"

মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয়ন বঁটা প্ৰদান
মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয়ন বঁটা প্ৰদান

 

সেয়ে নিজৰ মাতৃভাষাৰ প্ৰতি সন্মান জনোৱা উচিত বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰথম গৰাকী মঙ্গল চণ্ডী ব্ৰহ্ম সমন্বয়ক বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক, অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়, "মই ওদালগুৰিত জিলা উপায়ুক্ত হৈ থকাৰ সময়তে ওদালগুৰি জিলা সাহিত্য সভাৰ উত্থান হৈছিল। তাৰ বাবে আজি জিলা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থাকিব পাই আনন্দিত হৈছো। 

অসমৰ একমাত্র সমন্বয়ৰ ক্ষেত্ৰখন হল ওদালগুৰি জিলা। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰস্থলী। ওদালগুৰিত অনুষ্ঠিত সাহিত্যৰ অনুষ্ঠানলৈ আহি কথা সাহিত্যিক হোমেন বৰগোহাঞি, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনৰ দৰে বিশিষ্ট লোকে অভিভূত হৈ পৰিছিল বুলি মন্তব্য কৰে। 

বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য অনুবাদ হলেহে অসমীয়া ভাষাৰ উত্তোৰণ হ'ব। বিটিআৰত কোনো লোক যেন দ্বিতীয় শ্ৰেণীৰ লোক বুলি অনুভৱ কৰিব নালাগে তাৰ প্ৰতি বিটিআৰ পাৰিষদে দৃষ্টি দিব লাগিব। তেতিয়াহে সমন্বয়ৰ সাকোঁখন অধিক মজবুত হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে।

বঁটা প্ৰাপকদ্বয় ক্ৰমে শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱা আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে কয়- প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাপা সাহিত্যৰ আৰু মত বিনিময়ৰ জৰিয়তে সমন্বয় গঢ়ি উঠে। জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলেহে সমন্বয়ৰ সাৰ্থকতা অক্ষুন্ন থাকিব।

ইয়াৰ পিছতেই ওদালগুৰি জিলা সাহিত্য সভাৰ ইতিহাস প্ৰণয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ওদালগুৰি জিলাৰ ইতিহাস শীৰ্ষক গ্ৰন্থ উন্মোচনী সভা। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভাৰ আঁতধৰে ইতিহাস প্ৰণয়ন সমিতিৰ সম্পাদক ড° পবিত্র শৰ্মাই।

অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ড° উপেন্দ্ৰজিৎ শৰ্মাই ওদালগুৰি জিলাৰ ইতিহাস গ্ৰন্থখনি উন্মোচন কৰি কয়- ওদালগুৰি জিলাৰ ইতিহাস গ্ৰন্থখনে এক ঐতিহাসিক গ্ৰন্থৰূপে পৰিগণিত হ'ব। এনে ইতিহাস সম্বলিত বৃহৎ গ্ৰন্থখনে পঢ়ুৱৈ সমাজক উপকৃত কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, অসম সাহিত্য সভাৰ আইন উপদেষ্টা অনন্তৰাম মেধি, ওদালগুৰি সাহিত্য সভাৰ সভাপতি মেঘমালা সূত্ৰধাৰকে ধৰি ভালেমান বিশিষ্টলোক উপস্থিত থাকে। গ্ৰন্থ উন্মোচনীৰ পূৰ্বে অসম সাহিত্য সভাৰ আজীৱন সদস্যা জুৰিমণি ডেকাই এটি বৰগীত পৰিবেশন কৰি আপ্লুত কৰি তোলে।

পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওদালগুৰি সাহিত্য ফভাৰ সভাপতি মেঘমালা সূত্ৰধাৰে।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

udalguri assam sahitya sabha