স্কুললৈ গৈ ঘূৰি নাহিল মনেশ্বৰ কলিতাঃ বিগত ৪০ দিনে সন্ধানহীন...

author-image
Asomiya Pratidin
New Update
স্কুললৈ গৈ ঘূৰি নাহিল মনেশ্বৰ কলিতাঃ বিগত ৪০ দিনে সন্ধানহীন...

MANESWAR KALITA

ডিজিটেল সংবাদ কাৰ্বি আংলংঃ বিগত ৪০ দিনে সন্ধানহীন হৈ আছে কাৰ্বি আংলঙৰ এজন শিক্ষক। সন্ধানহীন শিক্ষকজনৰ সন্ধান বিচাৰি হাইৰান হৈছে পৰিয়ালৰ লোকসকল। আৰক্ষী প্ৰশাসনৰ উপৰিও সহায় বিচাৰিছে সৰ্বসাধাৰণৰ।

Advertisment

সন্ধানহীন হৈ থকা এই শিক্ষকগৰাকীৰ নাম মনেশ্বৰ কলিতা। কাৰ্বি আংলং জিলাৰ দকমকা থানাৰ লাংহিন তিনিআলিৰ শিক্ষক মনেশ্বৰ কলিতা যোৱা ৩০ আগষ্টতেই শিক্ষকতা কৰা চামেলাংচ থানাৰ অন্তৰ্গত ৰংআৰি মধ্য ইংৰাজী বিদ্যালয়লৈ গৈ থকা অবৱস্থাৰ পৰা সন্ধানহীন হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক অৱগত কৰা হৈছিল যদিও আজি ৪০ দিনে তেখেতৰ সন্ধান উলিয়াব পৰা নাই । যাৰ বাবে উদিগ্ন হৈ পৰিছে পৰিয়ালৰ লোকসকল। মনেশ্বৰ কলিতা এইদৰে সন্ধানহীন হোৱাত এতিয়া বিপদত পৰিছে পৰিয়ালৰ সদস্যসকল।

যাৰ বাবে পৰিয়ালৰ লোকসকল এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালৰ লোকসকলে মনেশ্বৰ কলিতাৰ সন্ধান বিচাৰি অসমবাসীৰ সহায় বিচাৰিছে। এই বিষয়টোৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ১০ অক্টোবৰ সোমবাৰে গুৱাহটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰো আয়োজন কৰিছে।

MANESWAR KALITA karbi anglong