/asomiyapratidin/media/media_files/2025/07/30/gohpur-30-2025-07-30-17-30-58.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ বিধানসভা সমষ্টিৰ ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ ২৮ খন মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতিসকলৰ এক প্ৰশিক্ষণ সন্মিলন আজি ৰাঙলীয়ালৰ চুকাফা ভৱনত অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি দিয়া ভাষণত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে, এইখন চৰকাৰে মদৰ দোকান আৰু বন্দুকৰ লাইচেঞ্চ দি সমগ্ৰ অসমত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে।
তেওঁ ভাষণৰ জৰিয়তে মণ্ডল সভাপতিসকলক আহ্বান জনাই কয় যে, মণ্ডল সভাপতিসকলে গাঁৱে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে ৰাইজক বুজাব লাগে যে আমাক মদৰ দোকান আৰু বন্দুকৰ লাইচেঞ্চ নালাগে। ইয়াৰ সলনি চুবুৰীয়ে চুবুৰীয়ে, গাঁৱে গাঁৱে স্কুল পাতক চৰকাৰে।
ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ চিকিৎসা সেৱাৰ এতিয়া তেনেই পুতৌলগা অৱস্থা। খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তে নাই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা। সৌ সিদিনা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ছামিউল হক নামৰ ল'ৰাজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তিনিদিন ধৰি চিকিৎসা নোপোৱাৰ বাবে পৰিয়ালৰ লোকে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই আঁত ধৰা উক্ত প্ৰশিক্ষণ সন্মিলনৰ উদ্বোধনী ভাষণত মীৰা বৰঠাকুৰে আৰু কয় যে, অৰুণোদয়ৰ নামত ১২৫০ টকাকৈ দি মাহে চাৰি-পাঁচহাজাৰকৈ পকেট কাটি লৈ গৈ আছে এইখন চৰকাৰে। পূৰ্বৰ ৪৫০ টকাৰ এটা চিলিণ্ডাৰৰ দাম এতিয়া ৯৫০ টকা, প্ৰতি ইউনিটৰ ২.৭৫ টকাৰ বিজুলীৰ এতিয়াৰ প্ৰতি ইউনিট ৮-৯ টকা।
আগতে দুটকাত পোৱা এটা গেছষ্ট্ৰিকৰ টেবলেতৰ দাম এতিয়া ১৮-২০ টকা।এইখন চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে আকাশ চুইছে বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে লগতে কয় যে, এইখন চৰকাৰৰ দিনত ওপৰৱালাৰ নিৰ্দেশত দুৰ্নীতি কৰিবলৈ বাধ্য নোহোৱাৰ বাবেই যোষিতা দাস নামৰ এগৰাকী কম বয়সীয়া অভিযন্তাই আত্মহত্যাৰ দৰে চৰমপন্থা বাছি ল'বলগীয়া হৈছে।
‘হাল এৰি শিয়াল খেদা’ৰ দৰে কাৰ্যত লিপ্ত হোৱা এইখন চৰকাৰে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট সজাই নিজেই হাঁহিয়তাৰ পাত্ৰ হৈছে। যদি গৌৰৱ গগৈ সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট তেন্তে তেওঁক চৰকাৰে কিয় এৰেষ্ট নকৰে বুলি ভাষণৰ জৰিয়তে চৰকাৰক প্ৰত্যাহ্বান জনাই মীৰা বৰঠাকুৰে।
অসম তল ওপৰ কৰি তোলা গীৰ গাই কেলেংকাৰী আৰু জনজাতীয় ৰাইজৰ দখলত থকা ৫৪ হাজাৰ ভূমি আদানী-আম্বানীক দিবলৈ চক্ৰান্ত কৰা আদি বিষয়বোৰৰ উচিত উত্তৰ দিবলৈ ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ সময় সমাগত বুলি মীৰা বৰঠাকুৰে উল্লেখ কৰি কয় যে, বিজেপি চৰকাৰে যোৱা নটা বছৰত হাজাৰ হাজাৰ কোটিৰ ঋণ লৈ অসমৰ ৰাইজৰ মূৰৰ ওপৰত ঋণৰ বোজা জাপি দিছে।
উক্ত প্ৰশিক্ষণ সন্মিলনত মীৰা বৰঠাকুৰে তাৎপৰ্যপূৰ্ণ ভাবে কয় যে অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব যিয়ে বন্দুক ল'বলৈ উৎসাহিত কৰাৰ দৰে কাৰ্যত জড়িত হৈছে। উক্ত প্ৰশিক্ষণ শিৱিৰত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ উপৰিও ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে।