দুৰ্গা পূজা সমিতি উপলক্ষে মানকাচৰত প্ৰশাসনৰ বিশেষ সভাঃ এছ অ' পি মানি চলাৰ আহ্বান...

দুৰ্গা পূজাক কেন্দ্ৰ কৰি বিশেষ বৈঠক...

author-image
Asomiya Pratidin
New Update
দুৰ্গা পূজা সমিতি উপলক্ষে মানকাচৰত প্ৰশাসনৰ বিশেষ সভাঃ এছ অ' পি মানি চলাৰ আহ্বান...

MANCACHAR

ডিজিটেল ডেস্কঃ আগন্তক দুৰ্গাপূজা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি মানকাচৰত পূজা সমিতি, সচেতন মহল আৰু আৰক্ষী প্ৰশাসনে এখন বিশেষ সভা অনুষ্ঠিত কৰে।

Advertisment

উল্লেখযোগ্য যে, মানকাচৰ এ এল লতিফ ছোৱালী হাই স্কুলত আজি বিয়লি ৪ বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এই বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, জিলা সহকাৰী আৰক্ষী অধীক্ষক এছ চাংচান , মানকাচৰ খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে বহুত কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত এইবেলি মুঠ ৩২ খন পূজা সমিতিয়ে দুৰ্গা পূজাৰ আয়োজন কৰিছে। চৰকাৰী নিৰ্দেশনা মানি শান্তিপূৰ্ণ ভাবে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ পৰা আহ্বান জনোৱা হয় ।

mancachar durga puja