মানকাচৰত আৰক্ষীৰ জালত এজন ডকাইত...

আদালতে ঘটনাৰ অধিক তদন্তৰ বাবে ৩ দিনৰ বাবে ডকাইত আব্দুল মালেক ওৰফে মালেক শেখক আৰক্ষীৰ জিম্মাত দিছে। যোৱা ২১ মে' পুৱতি নিশা হামিদুল ইছলাম ঘৰত ডকাইতি কৰি নগদ ধন সহ প্ৰায় ১০ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিছিল ডকাইত আব্দুল মালেক।

author-image
Asomiya Pratidin
New Update
ff

ডিজিটেল সংবাদ,মানকাচাৰঃ  মানকাচৰৰ কুকুৰমাৰাত সংঘটিত হোৱা ডকাইতি কাণ্ডত জড়িত এটা ডকাইতক মানকাচৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তেলিপাৰা গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ আব্দুল মালেক (৩৪) ক গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।

Advertisment

 আদালতে ঘটনাৰ অধিক তদন্তৰ বাবে ৩ দিনৰ বাবে ডকাইত আব্দুল মালেক ওৰফে মালেক শেখক আৰক্ষীৰ জিম্মাত দিছে। যোৱা ২১ মে' পুৱতি নিশা হামিদুল ইছলাম ঘৰত ডকাইতি কৰি নগদ ধন সহ প্ৰায় ১০ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিছিল ডকাইত আব্দুল মালেক।

 পূৰ্বেও ডকাইত মালেকৰ বিৰুদ্ধে মানকাচৰ থানাত গোচৰ পঞ্জীয়ন হৈ আছে। ইতিমধ্যে মানকাচৰ আৰক্ষীৰ ওচৰত ডকাইত মালেক ডকাইতি কাণ্ড স্বীকাৰ কৰিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপক বৰগোৱাৰীয়ে জানিবলৈ দিছে।

মানকাচাৰ