মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ কনিষ্টবলৰ মৃত্যু...

গৰমৰ বাবে বন্ধুৰ সৈতে একেলগে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোবাধাৰ হাগুডুবাত ঝৰ্ণাৰ পানীত গা ধুবলৈ গৈছিল ইন্দ্ৰজিত ৷ ঝৰ্ণাত গা ধুই থাকোতে পাহাৰৰ পৰা শিল খহি পৰে তেওঁৰ গাত...

author-image
Asomiya Pratidin
New Update
qw

ডিজিটেল সংবাদ,মানকাচাৰঃ কালাপানী আৰক্ষী চকীৰ এগৰাকী কনিষ্টবলৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। নিহত কনিষ্টবল জনৰ নাম ইন্দ্ৰজিত হাজং ৷ জানিব পৰা মতে, ইন্দ্ৰজিত হাজংৰ ঘৰ মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত জেঁৱালী গাঁৱত ৷ আজি পুৱা ছুটীলৈ ঘৰলৈ গৈছিল ইন্দ্ৰজিত হাজং।

গৰমৰ বাবে বন্ধুৰ সৈতে একেলগে চুবুৰীয়া ৰাজ্যমেঘালয়ৰ গাৰোবাধাৰ হাগুডুবাত ঝৰ্ণাৰ পানীত গা ধুবলৈ গৈছিল ইন্দ্ৰজিত ৷ ঝৰ্ণাত গা ধুই থাকোতে পাহাৰৰ পৰা শিল খহি পৰে তেওঁৰ গাত ৷ লগে লগে তেওঁৰ এখন এটা হাত ছিঙি যায় ৷  

গুৰুতৰভাৱে আহত ইন্দ্ৰজিতক বন্ধু সকলে উদ্ধাৰ কৰি মেঘালয়ৰ গাৰোবাধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও অধিক ৰক্তপাত হোৱাৰ বাবে আৰক্ষী জোৱান জনৰ মৃত্যু হয়। মজত জোৱানগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে গাৰোবাধা আৰক্ষীয়ে।

মানকাচাৰ