/asomiyapratidin/media/media_files/2025/03/22/T6Zyte0XDaRZyknvCoDw.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ঠাকুৰাণবাৰী আৰু শ্বটিমাৰীত আজি আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দুটা পৃথক অভিযান চলায়। অভিযানত ২ কোটি টকাৰ নিচাজাতীয় টেবলেট আৰু কফ ছিৰাফ সহ ২ সৰবৰাহকাৰীক আটক কৰিছে।
/asomiyapratidin/media/media_files/2025/03/22/r8nPjm7TYT2Jebnx29Z5.jpg)
আজি সন্ধিয়া প্ৰায় ৬ বজাত মানকাচৰ আৰক্ষীয়ে ঠাকুৰাণবাৰীত নিয়মীয়া তালাচীৰ জৰিয়তে মেঘালয়ৰ পৰা প্ৰৱেশ কৰা নম্বৰবিহীন স্কুটী এখনৰ পৰা ২০০ বটল কফ ছিৰাফ জব্দ কৰে। আৰক্ষীয়ে মানকাচৰ মহেন্দ্ৰগঞ্জ (মেঘালয়) সংযোগী পথৰ ওপৰত চলোৱা এই অভিযানত কফ ছিৰাফৰ উপৰিও দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে।
ধৃত সৰবৰাহকাৰী দুটাক মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতী আমপাতী থানা এলেকাৰ অধীনস্থ মিৰেংগীপাৰা গাঁৱৰ জাইদেং চাংমা (২৮) আৰু প্ৰেবিনাথ মাৰাক (৫০) বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে স্কুটীখনও জব্দ কৰি দুয়োক মানকাচৰ থানাত জেৰা চলাই আছে।
/asomiyapratidin/media/media_files/2025/03/22/wOCGHwNGOVDbZlY4MjE8.jpg)
ইফালে ঠাকৰাণবাৰীৰ পাশ্বৱৰ্তী বাংলাদেশ সীমান্তৱৰ্তী শ্বটিমাৰী গাঁৱৰ ছাকোৱাত হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰতো সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলায়।
গোপন সুত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰী ঘৰখনত অভিযান চলাই ৮০০০ য়াবা নামৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/media_files/2025/03/22/N8Qs6waRW2n2bc9WMcR5.jpg)
আৰক্ষীয়ে ঘৰখনত অভিযান চলাবলৈ অহা উমান পাই ড্ৰাগছ মাফিয়া ছাকোৱাত হুছেইন ঘৰখনৰ পৰা স্বপৰিয়ালে পলায়ন কৰে। জব্দ কৰা নিচাজাতীয় টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us