Advertisment

মানকাচৰত দুই শতাধিক অবৈধ বাংলা ইটাভাটাৰ বিৰুদ্ধে সৰব আমছু

তাৎপৰ্যপূৰ্ণ ভাৱে দুই শতাধিক ইটাভাটাৰ ভিতৰত মাত্ৰ কেইটামান ইটাভাটা উচ্ছেদ কৰিয়ে জিলা প্ৰশাসনে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ এনে ৰহস্যজনক ভূমিক লৈ সচেতন মহল, আমছু আৰু বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
ghj

ডিজিটেল সংবাদ,মানকাচৰঃ  ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা ৪ ফেব্ৰুৱাৰীত মানকাচৰৰ পূৰ্বাঞ্চলত জিলা প্ৰশাসনে অবৈধ বাংলা ইটাভাটাৰ বিৰুদ্ধে অভিযান চলাই কেইটামান ইটাভাটা উচ্ছেদ কৰিছে। জিলা প্ৰশাসনে অবৈধ ইটাভাটা উচ্ছেদ কৰাৰ পাছতেই জিলাখনৰ দুই শতাধিক অবৈধ ইটাভাটাৰ মালিকৰ মাজত আতংকৰ সৃষ্টি হয়।

Advertisment

তাৎপৰ্যপূৰ্ণ ভাৱে দুই শতাধিক ইটাভাটাৰ ভিতৰত মাত্ৰ কেইটামান ইটাভাটা উচ্ছেদ কৰিয়ে জিলা প্ৰশাসনে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ এনে ৰহস্যজনক ভূমিক লৈ সচেতন মহল, আমছু আৰু বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে।

মানকাচৰৰ অবৈধ ইটাভাটাক লৈ আমছুৰ অভিযোগ, যোৱা দুবছৰ পূৰ্বেও জিলাখনত মাত্ৰ কেইটামান অবৈধ ইটাভাটা উচ্ছেদ কৰি আতংক সৃষ্টি কৰাৰ পাছত দুই শতাধিক অবৈধ ইটাভাটাৰ মালিকৰ সৈতে কোটি কোটি টকাৰ গোপন বুজাবুজিৰ হৈ উচ্ছেদ অভিযান বন্ধ হৈ পৰিছিল।

এইবেলিও অবৈধ ইটাভাটাৰ মালিকে জিলা প্ৰশাসনক মেনেজ কৰিছে নেকি তাক লৈ সন্দেহ প্ৰকাশ কৰিছে আমছু আৰু জিলা বিজেপিয়ে। মাত্ৰ ৮-১০ খন অবৈধ ইটাভাটা উচ্ছেদ কৰি দুই শতাধিক মালিকৰ মাজত আতংক সৃষ্টি কৰাৰ পাচত প্ৰতিখন ইটাভাটাৰ পৰা ২০ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ বিগত বৰ্ষত জিলা প্ৰশাসন, ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে উঠি আহিছিল।

 এইবেলিও প্ৰায় ১০ দিন পূৰ্বে মাত্ৰ ৪-৫খন অবৈধ ইটাভাটা উচ্ছেদ কৰি বাকী ভাটাৰ মালিকৰ সৈতে মেনেজ হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে জিলা আমছু আৰু জিলা বিজেপিয়ে। প্ৰশাসনে হয় প্ৰতিখন অবৈধ ইটাভাটা উচ্ছেদ কৰক, নহলে ইতিমধ্যে উচ্ছেদ কৰা মালিকক জৰিমনা আদায় দিয়ক বুলিও আমছু-বিজেপিয়ে দাবী তুলিছে। আমছু-বিজেপিৰ এই অভিযোগ আৰু দাবীৰ ওপৰত কেনে স্থিতি গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

মানকাচৰ