Advertisment

নিচামুক্ত সমাজ গঢ়া উদ্দেশ্যে মানকাচৰত ফুটবল প্ৰতিযোগিতা...

মানকাচৰৰ ফুটবল প্ৰতিযোগিতাৰ আজি চতুৰ্থ ছিজনৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উপাধ্যক্ষ মহিবুৰ ৰহমানে টুৰ্ণামেণ্টখনৰ শুভ উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ   ড্ৰাগছ, মদ, নিচাজাতীয় সামগ্ৰীৰ লগতে সকলো প্ৰকাৰৰ মাদক দ্ৰব্যৰ পৰা নৱ প্ৰজন্মক আঁতৰত ৰাখি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ বিগত চাৰি বছৰ ধৰি মানকাচৰৰ খোপাতীয়াত অনুষ্ঠিত হৈ আহিছে ফুটবল প্ৰতিযোগিতা।

Advertisment

খোপাতীয়া ফুটবল টুৰ্ণামেণ্টৰ আজি চতুৰ্থ ছিজনৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উপাধ্যক্ষ মহিবুৰ ৰহমান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি টুৰ্ণামেণ্টখনৰ শুভ উদ্বোধন কৰে।

 উদ্বোধনী খেলখন মানকাচৰৰ টেপৰপাৰা আৰু মেঘালয়ৰ গাৰোডুবি দলৰ মাজত অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত প্ৰথম ১০ মিনিটৰ ভিতৰত মেঘালয়ৰ দলটো টেপৰপাৰা দলক দুটাকৈ গ’ল দিয়াত খেলখন ৰোমাঞ্চক হৈ পৰে। প্ৰতিযোগিতাখনত মেঘালয়ৰ দলটো টেপৰপাৰা দলক ৪-১ গ’লৰ ব্যৱধান পৰাস্ত কৰে।

 লক্ষণীয় যে, খোপাতীয়া ফুটবল টুৰ্ণামেণ্টত থলুৱা খেলুৱৈ সকলৰ বাবে পৰিচালনা সমিতিয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কোনো খেলুৱৈ যদি গুটকা জাতীয় সামগ্ৰী মুখত ৰাখি খেলত অংশগ্ৰহণ কৰে সেই খেলুৱৈ জনক টুৰ্ণামেণ্টৰ পৰা বহিষ্কাৰ কৰা হ’ব।

খোপাতীয়া ফুটবল টুৰ্ণামেণ্টত চূড়ান্ত বিজয়ী দলক ১ লাখ টকা নগদ পুৰস্কাৰ সহ এখন ট্ৰফীৰে সন্মানিত কৰা হ’ব। একেদৰে ৰানাৰ্চ আপ দলকো নগদ ৫০ হেজাৰ টকা সহ ট্ৰফীৰে পুৰষ্কৃত কৰা হ’ব বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি শ্বালুয়ে জানিবলৈ দিছে।

মানকাচৰ