ভয়ংকৰ খহনীয়াৰ কবলত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবাসী...

নিশা ঘৰতে কটোৱা দুটাকৈ পৰিয়াল পুৱা নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে। পৰিয়াল দুটা অৰ্থৰ অভাৱত পথৰ কাষত কোনোমতে আশ্ৰয় লৈছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মানকাচাৰঃ   ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে মানকাচৰৰ বিভিন্ন এলেকাত বৰলুইতৰ পাৰত আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া। বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত কিছুদিনৰ পৰা খহনীয়াই কালৰূপ ধাৰণ কৰিছে।

Advertisment

দুসপ্তাহ পূৰ্বে খহনীয়াৰ ভয়ংকৰ পৰিস্থিতিক লৈ বাতৰি সম্প্ৰচাৰিত হোৱা পাচতে জিলা প্ৰশাসনে জলসম্পদ বিভাগক অস্থায়ী প্ৰতিৰোধৰ নিৰ্দেশনা প্ৰদান কৰিছিল। ইতিমধ্যে জলসম্পদ বিভাগে কিছু কাম কৰাৰ পাচত খহনীয়া নিয়ন্ত্ৰণলৈ আহিছে যদিও আজি হঠাত পুৱাৰে পৰা পুনৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে নিশা ঘৰতে কটোৱা দুটাকৈ পৰিয়াল পুৱা নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে। পৰিয়াল দুটা অৰ্থৰ অভাৱত পথৰ কাষত কোনোমতে আশ্ৰয় লৈছে। খহনীয়াৰ ভয়ংকৰ পৰিস্থিতি দেখি ঘটনাস্থলীত উপস্থিত হয় মানকাচৰৰ বিধায়ক আমিনুল ইছলাম।

পৰিস্থিতিৰ বুজ লৈ জলসম্পদ বিভাগক মাতি আনি ততকালীন ভাৱে ২০০০ জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰিবলৈ বিধায়ক গৰাকীয়ে উচ্চ পদস্থ বিষয়াৰে আলোচনা কৰে। ফলত ইতিমধ্যে ২০০০ জিঅ’ বেগেৰে জলসম্পদ বিভাগে কাম আৰম্ভ কৰি দিছে। কিন্তু খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলিছে খহনীয়াগ্ৰস্থ পৰিয়ালে।

খহনীয়াৰ স্থায়ী প্ৰতিৰোধ নহ'লে সীমান্ত সংযোগী পথৰ লগতে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতি আহিব চৰম ভাবুকি । লক্ষ্যণীয় যে, সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ বৰলুইতৰ বুকুত জাহ গ'লে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত উন্মক্ত হৈ পৰিব। ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি আহিব চৰম ভাবুকি। এই দাবী কৰিছে স্থানীয় বিধায়ক আমিনুল ইছলামে।

খহনীয়া মানকাচাৰ