মানকাচৰত চৰকাৰী চিকিৎসকৰ গুণ্ডাৰাজঃ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২ হাজাৰ টকা দাবী

মানকাচৰত চৰকাৰী চিকিৎসকৰ গুণ্ডাৰাজঃ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২ হাজাৰ টকা দাবী

author-image
Asomiya Pratidin
New Update
মানকাচৰত চৰকাৰী চিকিৎসকৰ গুণ্ডাৰাজঃ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২ হাজাৰ টকা দাবী

ডিজিটেল সংবাদ,মানকাচৰঃ মানকাচৰত চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২ হাজাৰ টকা লোৱা ঘটনাক লৈ কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।

Advertisment

কালাপানী উপস্বাস্থ্য কেন্দ্রৰ চিকিৎসক জাহাংগীৰ আলমে ৰোগীৰ পৰা টকা লোৱাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে মানকাচৰৰ কালাপানী আৰক্ষী চকী এলেকাৰ মানুল্লাপাৰাত দুই ফৈদৰ মাজত মাৰপিট হোৱাৰ পাচত দুয়োটা ফৈদ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে আহত সকলক স্বাস্থ্য পৰীক্ষাৰ বাবে কালাপানী উপ স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ কৰে।

কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক এজনে স্বাস্থ্য পৰীক্ষাৰ নামত ৩ হাজাৰ টকা দাবী কৰে। টকা নোহোৱাকৈ চিকিৎসা নকৰে বুলি কোৱাত উপায়হীন হৈ ২ হাজাৰ টকা দি ভুক্তভোগীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হয়।

চিকিৎসক জনৰ ধন দাবী আৰু টকা লোৱাৰ ঘটনা মোবাইল কেমেৰাত আবদ্ধ কৰে ভুক্তভোগীয়ে।এই ঘটনাৰ পাচত ভুক্তভোগীয়ে কালাপানী আৰক্ষী চকীত চিকিৎসক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

দীৰ্ঘ দিনৰ পৰা মানকাচৰৰ পূৰ্বাঞ্চলৰ ৰাইজক স্বাস্থ্য পৰীক্ষাৰ নামত চিকিৎসক জনে ৰোগীৰ পৰা টকা লৈ চিকিৎসা সেৱা চলাই থকা বুলি স্থানীয় সচেতন ৰাইজে অভিযোগ তুলিছে চিকিৎসক জনৰ বিৰুদ্ধে।

Also Read: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য এম সিন্ধিয়া

mancachar doctor