/asomiyapratidin/media/media_files/2025/06/22/xzxzxx-2025-06-22-15-28-35.jpg)
ডিজিটেল সংবাদ, চাবুৱাঃ "বঁটা আৰু গতাৰ পৰা দূৰত্বটো বৰ বেছি নহয়। যি মানুহে কৰ্মৰ বাবে বঁটা দিব সেই মানুহেই বেয়া কামৰ বাবে গতাও দিব।" এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ। চাবুৱাৰ ত্ৰিনয়নজ্যোতি সংঘৰ উদ্যোগত আৰু ৰজাবাৰী, পুলুঙা, ২ নং কমাৰগাঁওবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত বিষ্ণু প্ৰসাদ ৰাভা দিৱসত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে শিল্পীগৰাকীয়ে। বঁটা বাহনৰ বাবে বৰকৈ আগ্ৰহী নহয় বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে এই অনুষ্ঠানতে ব্যতিক্ৰমী শিল্পী গৰাকীক "গণ কণ্ঠশিল্পী" বঁটা প্ৰদান কৰা হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহান শিল্পী ৰাভা দেৱৰ আদৰ্শক স্মৰণ কৰা অনুষ্ঠানটো হাজাৰোধিক সংস্কৃতিপ্ৰেমীৰ উপস্থিতিত প্ৰতিদিন টাইমৰ সাংবাদিক বিশ্বজিৎ ফুকনক "শ্ৰেষ্ঠ যুৱ সাংবাদিক বঁটা"ৰে সন্মানিত কৰা হয়।
তদুপৰি সমাজকৰ্মী অজয় গগৈক "শ্ৰেষ্ঠ মানৱ সেৱা বঁটা" আৰু দিলীপ গগৈক "শ্ৰেষ্ঠ শ্ৰমজীৱি কৃষক বঁটা "ৰে সন্মান যাচে। দুয়োটা দিনেই সৈনিক শিল্পী গৰাকীৰ অপূৰ্ব সৃষ্টি সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছত অন্তিম নিশা অসমৰ দুগৰাকী জনপ্ৰিয় উদীয়মান প্ৰতিভাধৰ কণ্ঠশিল্পী ক্ৰমে অনুষ্কা তৰংগিনী বৰুৱা আৰু পূজা বড়াই ব্যতিক্ৰমী গায়কী শৈলীৰে হাজাৰ হাজাৰ কলাপ্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।