এম বি বি এছ পাঠ্যক্ৰমত লেপেটাপাৰাৰ মানস প্ৰতীম পায়েঙৰ সাফল্য…

এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ সদ্যঘোষিত ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ কৃতিত্ব অৰ্জন কৰিছে গহপুৰ সমজিলাৰ হেলেম মৌজাৰ লেপেটাপাৰাৰ মেধাৱী ছাত্র মানস প্ৰতীম পায়েঙে

author-image
Asomiya Pratidin
New Update
মানস প্ৰতীম পায়েঙৰ সাফল্য

ডিজিটেল সংবাদ, ছয়দুৱাৰ : এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ সদ্যঘোষিত ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ কৃতিত্ব অৰ্জন কৰিছে গহপুৰ সমজিলাৰ হেলেম মৌজাৰ লেপেটাপাৰাৰ মেধাৱী ছাত্র মানস প্ৰতীম পায়েঙে। গুৱাহাটী এইমছত এম বি বি এছ পাঠ্যক্ৰম অধ্যয়ন কৰি ঘোষিত ফলাফলত উত্তীৰ্ণ হোৱা মানস প্ৰতীম পায়েঙৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। 

Advertisment

মানস প্ৰতীম পায়েঙৰ সাফল্য

উল্লেখযোগ্য যে, গুৱাহাটী এইমছত এম বি বি এছ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা মানস প্ৰতীম পায়েং লেপেটাপৰা নিবাসী, খাটিখোৱা কৃষক পিতৃ জানমনি পায়েং আৰু মাতৃ প্ৰয়াত স্বপ্না পায়েঙৰ সুযোগ্য সন্তান। চহা কৃষক পৰিয়ালৰ সন্তান মানস প্ৰতীম পায়েঙৰ অনাগত শৈক্ষিক যাত্ৰাৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজে।

ছয়দুৱাৰ