/asomiyapratidin/media/media_files/2025/05/05/sjln214TDwm3xORbRPEF.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম কাণ্ডৰ পাছতে ৰাজ্যখনত সংঘটিত হৈ থকা বিভিন্ন কাণ্ডৰ তথ্য পোহৰলৈ আহিছে। জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীক খাদ্য আৰু আশ্ৰয় দি প্ৰাণ হেৰুৱাবলগীয়া হ'ল ইমটিয়াজ আহমদ মাগ্ৰে নামৰ এজন যুৱকে।
দৰাচলতে দেওবাৰে পুৱা এখন নদীত ২৩ বছৰীয়া ইমটিয়াজৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গাঁওবাসীৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ইমটিয়াজক আটক কৰি লৈ পিছদিনাই তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। এই সন্দৰ্ভত আৰক্ষীয়ে স্পষ্টীকৰণ দি এটা ভিডিঅ' মুকলি কৰে।
সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, ইমটিয়াজে সন্ত্ৰাসবাদীক খাদ্য আৰু আশ্ৰয় দিয়াৰ তথ্য লাভ কৰা পাছতে আৰক্ষীয়ে তেওঁক আটক কৰে। সোধ-পোছৰ সময়ত তেওঁ আৰক্ষীক জনোৱা মতে, কুলগামৰ টাংমাৰ্গৰ বনাঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক তেওঁ খাদ্য আৰু আশ্ৰয় দিছিল।
আৰক্ষীৰ তদন্তত অভিযুক্ত ইমিটিয়াজ মাগ্ৰেয়ে নিৰাপত্তা বাহিনীক নেতৃত্ব দি সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানলৈ যাবলৈ সন্মত হয়। দেওবাৰে পুৱা আৰক্ষী আৰু সেনাৰ যৌথ দল এটাৰ নেতৃত্ব দি আত্মগোপন স্থানত অভিযান চলাই থকাৰ সময়তে মাগ্ৰেয়ে আৰক্ষীৰ চকুত ধূলি দি পলায়ণৰ চেষ্টা কৰে যদিও কোনো সুৰুঙা নাপায় ভেশ্ব’ নদীত জাপ দিয়ে।
ইমটিয়াজে সাঁতোৰাৰ বহু চেষ্টা কৰা পাছতো নদীৰ কোবাল সোঁতে তেওঁক উটুৱাই লৈ যায়। ইফালে এই সমগ্ৰ ঘটনা আৰক্ষীৰ কেমেৰাত বন্দী হয়। উল্লেখ্য যে, বল্ট কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰ ওচৰত কোনো নাছিল।
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাসকলক নিৰাপত্তা বাহিনীয়ে গৰিহণা দিছে। যুৱকজনৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে নিৰাপত্তা বাহিনীক দোষাৰোপ কৰা উচিত নহয় বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, দেওবাৰে পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ইমটিয়াজ আহমদ মাগ্ৰেয়ৰ মৃত্যুত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছিল।