ছ'চিয়েল মিডিয়াৰ বাবে ২৫ বছৰ পাছত বিচাৰি পালে বিচ্ছেদ হোৱা পৰিয়ালৰ লোকক

ছচিয়েল মিডিয়াৰক ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বহু সময়ত হেৰাই যোৱা কিছুমান আপোন মানুহকো ছচিয়েল মিডিয়াক লগ পোৱা যায়।
ছ'চিয়েল মিডিয়াৰ বাবে ২৫ বছৰ পাছত বিচাৰি পালে বিচ্ছেদ হোৱা পৰিয়ালৰ লোকক

ডিজিটেল ডেস্ক: ছ'চিয়েল মিডিয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বহু সময়ত হেৰাই যোৱা কিছুমান আপোন মানুহকো ছ'চিয়েল মিডিয়াক লগ পোৱা যায়।এনে ধৰণৰ এক ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে একাংশৰ।

ছ'চিয়েল মিডিয়াৰ ফলত এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ নিজৰ পৰিয়ালৰ লগত পুনৰ মিলন হয়। প্ৰায় ২৫ বছৰ পাছত তেওঁ হাতত থকা এটা টেটুৰ বাবে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পৰিয়ালৰ লোকক বিচাৰি পায়।

চন্দ্ৰশেখৰ মৌৰ্যই শনিবাৰে কয় যে আজমগড় জিলাৰ বাসিন্দা, তেওঁৰ খুৰাক জিলাজিৎ মৌৰ্য ১৯৯৬ চনৰ ১ জুনত নিৰুদ্দেশ হৈছিল। পূজাত অংশ লবলৈ যোৱাৰ সময়ত নিৰুদ্দেশ হৈছিল লোকজন।

সেই সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ। পৰিয়ালৰ লোকে তেওঁৰ বিচাৰিছিল যদিও কোনো ধৰণৰ খবৰ পোৱা নাছিল।

চন্দ্ৰশেখৰ মৌৰ্যই কয় যে, প্ৰায় ৩ মাহ আগতে ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে তথ্য পাইছিল যে তেওঁ আমেঠিৰ এখন গাঁৱত আছিল। অৱশেশত ১৩ ডিচেম্বৰত তেওঁক বিচাৰি পায়।জিলাজিৎ শিৱেন্দ্ৰ সিং নামৰ এজন লোকৰ ঘৰত আছিল।

নিজৰ পৰিয়ালৰ লগত পুনৰ মিলন হোৱাক সুখী জিলাজিৎ। লগতে ইমান দিনে আশ্ৰয় দিয়া বাবে শিৱেন্দ্ৰ সিঙক ধন্যবাদ জনাইছে পৰিয়ালৰ লোকে।

আৰু পঢ়ক: চানচিল্ক চেম্পু বাদ দিয়ক! নিজৰ সংস্কৃতি মনত কৰক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in